বিহুৱান আগবঢ়ায় উৎসাহিত কৰিলে প্ৰয়াস গোটে

বৰ্তমান বিশ্বৰ লগতে দেশ আৰু জাতিৰ এই জটিল সন্ধি ক্ষণত অতি নিষ্ঠা আৰু সততাৰে সকলো বাধা নেওচি নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই মানৱ সেৱাত বৰ্তী হৈ আছে স্বাস্থ্য কৰ্মীসকল৷ লাহিঙৰ শুকানজনীয়াত অৱস্থিত উপস্বাস্থ্য কেন্দ্ৰৰ সমূহ স্বাস্থ্যকৰ্মী আৰু আশাকৰ্মী সকলও ব্যতিক্ৰম নহয়৷
 
সেয়ে টীয়কৰ লাহিং অঞ্চলৰ কেইজনমান উদ্যমী যুৱকৰ জড়িয়তে গঢ় লৈ উঠা সামাজিক গোট প্ৰয়াসে ল’লে এক ব্যতিক্ৰমী পদক্ষেপ৷তেওঁলোকৰ কাৰ্য্যত উৎসাহিত কৰিবৰ বাবে প্ৰয়াস গোটৰ সমূহ পৰিয়াল বৰ্গৰ হৈ  প্ৰতিষ্ঠাপক প্ৰাণজিৎ শইকীয়া , হৰিনাৰায়ণ বাঢ়ৈ আৰু কল্যাণ দত্তই  ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে বিহুৱান আগবঢ়ায়৷
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢ়ৈয়ে ..

Comments (0)
Add Comment