বিহু নৃত্য অনুশীলন ব্যস্ত হৈ পৰিছে বহুকেইগৰাকী খেলুৱৈয়ে

সকলোতে এতিয়া অসমীয়াৰ হেপাহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি তুৰংগত উঠিছে।জুলাহত গৃহিণী,তাঁতত শিপিনী আৰু যুৱক যুৱতী ব্যস্ত হৈ পৰিছে বিহু নৃত্য অনুশীলনত।
টীয়কৰ,কাকজানৰ ফুটবল কচিং চেন্টাৰৰ খেলুৱৈসকলে খেলৰ সমান্তৰালকৈ বিহুক আদৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে।কান্ধত ঢোল লৈ বিহু গাইছে ভাৰতীয় মহিলা ফুটবল দলৰ গল ৰক্ষক অঞ্জনা শইকীয়াই।লগতে কেইবাগৰাকীও ৰাজ্যিক, ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ তেখেতৰ লগত সংগত কৰিছে।খেলৰ সমান্তৰালকৈ আপোন বিহুটিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়াৰ স্বাভিমান নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছে বুলি খেলুৱৈকেইগৰাকীয়ে মন্তব্য কৰিছে।

Comments (0)
Add Comment