বি আৰ অ’ উদ্যোগত মাস্ক প্ৰস্তুতকৰণ কাৰ্য্য আৰম্ভ

বি আৰ অ’ উদ্যোগত মাস্ক প্ৰস্তুতকৰণ কাৰ্য্য আৰম্ভ

ভাৰত চৰকাৰে ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজহুৱা স্থান আৰু কৰ্মক্ষেত্ৰত মুখত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ পাছত, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ সীমান্ত পথ সংগঠনৰ( বি আৰ অ) গুৱাহাটীৰ লংকেশ্বৰস্থিত পূব মণ্ডল মুখ্য কাৰ্যালয়েও নিজাববীয়াকৈ মাস্ক প্ৰস্তুত কৰাৰ কাম আৰম্ভ কৰিছে।
 
 
বি আৰ অ’ৰ সূত্ৰই সদৰী কৰা অনুসৰি পূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান( এ ডি জি) প্ৰবীণ কুমাৰ হনুমন্ত সিঙে পূব মণ্ডলৰ অধীনৰ প্ৰকল্প সমূহৰ মুখ্য অভিযন্তা সকলক নিজৰ নিজৰ কাৰ্যালয় চৌহদত থকা টেইলৰিঙত মাস্ক প্ৰস্তুত কৰিবৰ বাবে নিৰ্দেশনা দিছে‌।তেনেদৰে লংকেশ্বৰত থকা বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয় চৌহদতো ১৮ এপ্ৰিলৰ পৰা মাস্ক প্ৰস্তুত কাৰ্যত ব্যস্ত হৈ পৰিছে বাহিনীটোৰ দৰ্জী আৰু আন কৰ্মচাৰীসকল।
 
 
উল্লেখযোগ্য যে উত্তৰ পূবৰ চীন, ম্যানমাৰ, আৰু ভূটানৰ আন্তৰ্জাতিক সীমান্তৰ গুৰুত্বপূৰ্ণ পথসমূহ নিৰ্মাণৰ দায়িত্বত আছে বি আৰ অ’। আনকি অঞ্চলটোৰ প্ৰতিৰক্ষাৰ দিশৰ পৰা বি আৰ অ’ গুৰুত্বপূৰ্ণ পথসমূহৰ নিৰ্মাণ,পুননিৰ্মাণ বা মেৰামতি কাৰ্যৰ দায়িত্ব ন্যস্ত কৰা আছে ।

Comments (0)
Add Comment