বীণাপাণি জ্যোতিষ কাৰ্যালয়ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাক বিতৰণ অনুষ্ঠান

দক্ষিণ কামৰূপৰ পলাশবাৰীৰ দখলাত বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ উদ্যোগত আজি এক গাম্ভীৰ্যপুৰ্ণ পৰিবেশত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাজ-পোছাক বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বতাধিকাৰী অপূৰ্ব দেৱশৰ্মাৰ একক প্ৰচেষ্ঠাত জ্যোতিষী কাৰ্যৰ ওপৰিও সমাজ সেৱামূলক মনোভাৱেৰে দৰিদ্ৰ কৃতী ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ সাজ-পোছাক বিতৰণ কাৰ্যসূচী হাতত লয়। এই উপলক্ষে সমাজসেৱক ধৰ্মেশ্বৰ বড়োৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাই।সভাৰ মঞ্চ উদ্বোধন কৰে জ্যেষ্ঠ সাংবাদিক বলেন কলিতাই। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অমৃত চন্দ্ৰ ঠাকৰীয়া কমাৰ্চ কলেজৰ অধ্যক্ষ সমীৰণ শৰ্মা, অধিবক্তা কিশোৰ কুমাৰ জৈন, শিক্ষক অখিল চন্দ্ৰ কলিতা, জ্যেষ্ঠ এ. এন.এম কল্যানী কলিতা, হোমেন মেধী সাংবাদিক মিলন মহন্ত, বিশ্বজিৎ দাস, অধ্যাপক দিলীপ মেধি, অধ্যাপিকা জেউতি দাস উপস্থিত থাকি জ্যেতিষী অপূৰ্ব দেৱ শৰ্মাৰ এনে পদক্ষেপক আদৰণী জনোৱাৰ লগতে ছাত্ৰ -ছাত্ৰীসকলক উদ্দেশ্যি প্ৰেৰণামূলক ভাষণ প্ৰদান কৰে। অঞ্চলটোৰ ৰাইজ তথা শুভকাংশীসকল উপস্থিত থকা সভাখনত দক্ষিণ কামৰূপ অঞ্চলৰ প্ৰায় শতাধিক দুখীয়া ছাত্ৰ-ছাত্ৰীক সাজ-পোচাক বিতৰণ কৰাৰ লগতে অঞ্চলটোৰ নাগাৰা বাদক, কণ্ঠশিল্পী আৰু জ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা জনোৱা হয়। বীণাপাণী জ্যোতিষ কাৰ্যালয়ৰ স্বত্বাধিকাৰী অপূৰ্ব দেৱ শৰ্মাৰ এনে প্ৰচেষ্টাক সকলোৱে ভূয়সী প্ৰশংসা কৰাৰ লগতে ভৱিষ্যতে এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে।
বাতৰি যুগুতালে জিতুমণি দাসে।

Comments (0)
Add Comment