বৃদ্ধি নহয় যাত্রীবাহী বাছৰ ভাৰা

বৃদ্ধি নহয় যাত্রীবাহী বাছৰ ভাৰা

সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয় যে সর্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই ভাৰা বৃদ্ধি কৰিবলৈ অনুমতি দিয়া নহ’ব৷ বাছৰ ভাৰা কোনো কাৰণতে বৃদ্ধি নহয়৷ সেয়েহে সাধাৰণ ৰাইজক এক শতাংশও ভাৰা বৃদ্ধিক লৈ শংকিত নহ’বলৈ আহ্বান জনাই পাটোৱাৰীয়ে কয় ‘ক’ভিড মহামাৰীৰ ফলত সর্বসাধাৰণ ৰাইজ ব্যাপক ক্ষতিগ্রস্ত হৈছে৷ ক্ষুদ্র ব্যৱসায়ীসকলৰ উপার্জন নোহোৱা হৈছে৷
ক’ভিডৰ বাবে খেতিয়কসকলেও উৎপাদিত সামগ্রী বিক্রী কৰিবলৈ বজাৰ লাভ কৰা নাই৷ তদুপৰি বাছেৰে অহা যোৱা কৰে সর্বসাধাৰণ লোকে৷ সামর্থ্যৱান লোকসকলে নিজৰ বাহনেৰে অহা যোৱা কৰে৷ সেয়েহে সর্বসাধাৰণৰ ওপৰত মাধমাৰ শোধাই বাছভাৰা বৃদ্ধি কৰিবলৈ দিয়া নহ’ব৷ উল্লেখ্য যে আন্তঃজিলা যাতায়াত সম্পূর্ণৰূপে খোলাৰ লগে লগে বাছভাৰা ৫০ শতাংশ বৃদ্ধি কৰা হ’ব বুলি প্রকাশ কৰিছিল সদৌ অসম মটৰ পৰিবহণ সন্থাই৷ যাক লৈ সম্পূর্ণ ৰাজ্যতে ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷

Comments (0)
Add Comment