বেজী-সূতাৰে গামোচাত লিপিৱদ্ধ কৰিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যুগজয়ী কবিতা “কৰতল কমল”,।বাক্সা বৰিমাখাৰ জ্যোতিষ শৰণীয়া নামৰ যুৱক জনে কবিতাটো বেজী-সূতাৰে গামোচাত লিপিবদ্ধ কৰি ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে৷ পেচাত এম ই স্কুলৰ শিক্ষক জ্যোতিষে সৰুৰে পৰা চিত্ৰ শিল্পৰ প্ৰতি ৰাপ আছিল৷ বৈদ্যশ্ৰী মিউজিক কলেজৰ পৰা ফাইন আৰ্টচৰ ডিপ্লমা গ্ৰহণ কৰা জ্যোতিষ শৰণীয়াই বিশেষকৈ প্ৰভান্বিত হৈ আহিছিল মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ দৰ্শনৰ প্ৰতি ৷
বিদ্যালয়ৰত উপহাৰ হিচাপে লাভ কৰা এখন গামোছাখতে তেখেতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ দর্শনকজনাৰ ৰচিত জীৱনৰ প্ৰথমটি কবিতা লিপিবদ্ধ কৰিলে।জানিব পৰা মতে এই কবিতাটো ২৪ ঘন্টাৰ ভিতৰতে তেওঁ বেজী সূতাৰে লিপিবদ্ধ কৰে।ইয়াৰ পিছতে অসম বুকচ অফ ৰেকৰ্ডত তেওঁ নাম অন্তৰ্ভুক্ত হয়।জানিব পৰা মতে ভৱিষ্যতে ইণ্ডিয়া বুকচ অফ ৰেকৰ্ডত নিজৰ নাম লিপিৱদ্ধ কৰিবলৈ পৰিকল্পনা আছে জ্যোতিষৰ।
বেজী-সূতাৰে গামোচাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ “কৰতল কমল”, কবিতাটো লিপিবদ্ধ কৰি ৰেকৰ্ড গঢ়িলে
