বোধিদ্ৰুম উন্মোচন

আজি গুৱাহাটী প্ৰেছ ক্লাৱত হৰেন গগৈৰ দ্বিতীয়খন গ্ৰন্থ বোধিদ্ৰুম উন্মোচিত হয়।গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ,আবৃত্তিকাৰ তথা বৰ্তমান ডাউন টাউন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ অমৰজ্যোতি চৌধুৰীয়ে।
বনফুল প্ৰকাশনৰ হৈ বিনু দেউৰী বৰুৱাই প্ৰকাশ কৰা জীৱনীমূলক গ্ৰন্থখনত অসমীয়া ভাষা, সাহিত্য,কলা সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা ১৯ গৰাকী বিশিষ্ট ব্যক্তিৰ চমু জীৱনকৃৰ্তি প্ৰকাশ পাইছে।উন্মোচনী ভাষণত ড০ অমৰজ্যোতি চৌধুৰীয়ে হৰেন গগৈৰ কৰ্মস্পৃহা তথা লেখাৰ প্ৰতি থকা আগ্ৰহৰ কথা উল্লেখ কৰি জীৱনী সাহিত্যলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বিষয়ে প্ৰশংসাসূচক মন্তব্য কৰে।গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ বাণীকান্ত শৰ্মা,কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ডীন ড০ অৰূপজ্যোতি চৌধুৰী,চলচ্চিত্র প্ৰযোজক পৰাণ বৰবৰা,অসম সাহিত্য সভাৰ সদ্য বিদায়ী সভাপতি ড০ পৰমানন্দ ৰাজবংশী,ডাঃ ফণীন্দ্ৰ মোহন ডেকা,শিশু সাহিত্যিক এলিজা শৰ্মা,ড০ নৰেন বৰ্মন,কবি বিপুল শৰ্মা,অনুপজ্যোতি চৌধুৰী,বনফুল প্ৰকাশনৰ উপদেষ্টা তথা সাহিত্য একাডেমীৰ অনুবাদ সাহিত্য বঁটা প্ৰাপক বিপুল দেউৰী।উল্লেখ্য যে হৰেন গগৈৰ প্ৰথমখন সাক্ষাৎকাৰভিত্তিক গ্ৰন্থ সোণালী সান্নিধ্যয়ে পাঠক সমাজত বিপুল সঁহাৰি লাভ কৰিছিল।সদ্য প্ৰকাশিত বোধিদ্ৰুম গ্ৰন্থখনেও নৱ প্ৰজন্মৰ ছাত্র ছাত্রীৰ লগতে ৰুচিবান পঢ়ুৱৈৰ বাবে এখন দৰকাৰী গ্ৰন্থৰূপে বিবেচিত হ’ব বুলি সন্মানীয় ব্যক্তিসকলে মত প্ৰকাশ কৰে।
খবৰ যুগুতালে দৰ্শনা বৰুৱাই..

Comments (0)
Add Comment