বৌদ্ধিক বিপ্লৱৰ সূচনা কৰিছে


ইণ্টাৰনেটে সমগ্ৰ বিশ্বখনৰ একাংশ প্ৰজন্মক ব্যস্ত কৰি ৰখাৰ সময়তে নলবাৰী জিলাৰ বিহামপুৰৰ প্ৰেৰণা পুথিভঁৰালে অঞ্চলটোত এক বৌদ্ধিক আন্দোলনৰ সূচনা কৰিছে।আজিৰ পৰা১৮বছৰৰ আগতে দ্বীজেন্দ্ৰ নাৰায়ণ শৰ্মাই প্ৰেৰণা পুথিভঁৰাল আৰম্ভ কৰিছিল। অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি আৰম্ভ কৰা এই পুথিভঁৰালটোত বৰ্তমান প্ৰায় ১৫০০০ খনগ্ৰন্থ সংগৃহিত হৈ আছে। প্ৰতি ৰবিবাৰে প্ৰেৰণা পুথিভঁড়ালত ছাত্ৰ ছাত্ৰী সকলৰ মাজত কুইজ,বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়।জানিব পৰা মতে এতিয়ালৈকে প্ৰায়২০০০ দুখীয়া ছাত্ৰ -ছাত্ৰীক গ্ৰন্থ যোগান ধৰিছে।পুথিভঁৰালটো পৰিচালনাৰ বাবে এখন কমিটি আছে। ছাত্ৰ-ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰেৰণা পুথিভঁড়াল হাজাৰজনৰ প্ৰেৰণাৰ উৎস হৈ ৰ‌ওক।

Comments (0)
Add Comment