ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ-২০১৭

ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ-২০১৭

গুৱাহাটীৰ এছ.এম.ফাউণ্ডেচনৰ উদ্যোগত অহা ২,৩ আৰু ৪ ডিচেম্বৰত তিনিদিনীয়াকৈ “ব্ৰহ্মপুত্ৰ কলা মহোৎসৱ-২০১৭ শীৰ্ষক এখনি চিত্ৰকলা আৰু নৃত্য-সংগীত মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি আজি এক সংবাদমেল যোগে সদৰি কৰে উদ্যোক্তাসকলে। গুৱাহাটী সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ সমীপত অনুষ্ঠিত হ’ব লগা মহোৎসৱত বিশ্বৰ প্ৰায় ১২ খন ক্ৰমে…. শ্ৰীলংকা, লেবানন, টুৰ্কি, চাইপ্ৰাছ মালয়েছিয়া, ইৰাক, থাইলেণ্ড, ইজিপ্ত, পাকিস্তান, ফিলিপাইন, নেপাল, বাংলাদেশ, ভূটান আদি দেশৰ লগতে ভাৰতৰ কেইবাখনৰো ৰাজ্যৰ শিল্পীয়ে এই মহোৎসৱত অংশগ্ৰহণ কৰিব।

WhatsApp Image 2017-11-27 at 7.52.53 PM

মহোৎসৱত সকলো দেশৰ চিত্ৰ শিল্পীয়ে কৰ্মশালাত শিল্পীকৰ্ম প্ৰদৰ্শন কৰাৰ লগতে শ্ৰীলংকাৰ শিল্পীসকলে লোকনৃত্য পৰিবেশন কৰিব। বিশ্বৰ বিভিন্ন দেশত চিত্ৰশিল্পীৰ কৰ্মশালা আয়োজন কৰি অহা এছ,এমডি, ফাউণ্ডেচনে ঘাইকৈ বিভিন্ন চিত্ৰশিল্পী আৰু তেওলোকৰ শিল্পীকৰ্মৰ সৈতে অসমৰ শিল্পীসকলক পৰিচয় কৰাই ভাতৃত্ববোধ গঢ়ি তোলা আৰু ভাব বিনিময়ৰ সুবিধা প্ৰদানৰ উদ্দেশ্যৰে আয়োজন কৰা মহোৎসৱত আন্ত:ৰাষ্ট্ৰীয় খ্যাত সম্পন্ন বাহীবাদক দীপক শৰ্মা, ভায়লিন বাদক মনোজ বৰুৱা,সন্তুৰ বাদক পংকজ শৰ্মাই, সংগীত অনুষ্ঠান পৰিবেশন কৰাৰ লগতে বহুকেইগৰাকী শিল্পীয়ে সত্ৰীয়া, বিহু, মিচিং, বড়ো নৃত্য আদিৰ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি সংবাদ মেল যোগে জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

Comments (0)
Add Comment