তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত সংযোজিত হ’ব ব্ৰাহ্ম’জ কিং ব্ৰাউজাৰ

তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত সংযোজিত হ’ব ব্ৰাহ্ম’জ কিং ব্ৰাউজাৰ

WhatsApp Image 2017-11-08 at 6.03.46 PM

যি সময়ত ব্লু’হোৱেল গেমে ৰাজ্যখনৰ একাংশ প্ৰজন্মক বিপথে পৰিচালিত কৰিছে, সেই সময়তে কলিয়াবৰৰ বাঘজানৰ এজন যুৱকে ব্ৰাউজাৰ এপ উদ্ভাৱন কৰি বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। ৰাজা বৰা নামৰ কলিয়াবৰ কলেজত অধ্যয়নৰত ছাত্ৰ জনে এটা এপ উদ্ভাৱন কৰিছে। সম্পূৰ্ণ ৮ মাহ জোৰা প্ৰচেষ্টা আৰু অধ্যৱসায়ৰ বলত ৰাজাই এই বিশেষ এপটো উদ্ভাৱন কৰিবলৈ সক্ষম হ’ল। জানিব পৰা মতে ৰাজাই ইয়াৰ বাবে কোনো প্ৰশিক্ষণ লোৱা নাছিল। নিজৰ ইচ্ছা আৰু দৃঢ় মানসিকতা বলতে ৰাজাই এপটো উদ্ভাৱন কৰিলে। ৰাজাৰ সৈতে হোৱা এক টেলিফোনিক বাৰ্তালাপত ৰাজাই এনেদৰে কয় – এতিয়াও বজাৰত চীনৰ সামগ্ৰীৰ যথেষ্ট চাহিদা আছে। যাৰ ফলত আমি নজনাকৈয়ে বহু অসাধু ব্যক্তিয়ে ব্যক্তিগত সবিশেষ তথ্য লৈ অপব্যৱহাৰ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰাহ্ম’জ কিং ব্ৰাউজাৰ নামৰ এপটো উদ্ভাৱন কৰিলো।

WhatsApp Image 2017-11-08 at 6.04.04 PM

এই এপটোৰ জৰিয়তে ফেচবুক, গ’গোল সকলো কৰিব পাৰিব। ইয়াৰ উপৰিও বিভিন্ন তথ্য লিংক আদিবোৰ সন্নিবিষ্ট থাকিব। সমগ্ৰ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব পৰাকৈ এই এপটো বনাইছো আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত লৈ যোৱা পৰিকল্পনা কৰিছো। উল্লেখযোগ্য যে অতি শীঘ্ৰে এই এপটো আনুষ্ঠানিক ভাৱে মুকলি কৰিব।

Comments (1)
Add Comment
  • Mrinmoy junak

    Aguwai jua bhaiii..