ব্ৰীজৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্ৰীজৰ পৰিচালক কৃপাল কলিতা লৈ শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু মূল অভিনেত্ৰী শিৱা ৰাণী কলিতা লৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্ৰীজৰ জড়িয়তে অসমীয়া চলচ্চিত্ৰ লৈ আহিছে আন এক সুখবৰ ! ৫ -২১ আগষ্ট ২০২১ লৈ সদ্যসমাপ্ত সন্মানীয় ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল চিনচিনেটি (Indian film festival of CINCINNATI-2021) ত কৃষ্টি পথাৰৰ বেনাৰত কৃপাল কলিতাৰ পৰিচালনাৰে নিৰ্মিত পুৰ্ণদৈৰ্ঘ চলচ্চিত্ৰ ব্ৰীজ মূল অভিনেত্ৰী শিৱা ৰাণী কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান আৰু পৰিচালক কৃপাল কলিতাই লাভ কৰিছে শ্ৰেষ্ঠ নবাগত পৰিচালক ৰ সন্মান । ইতিমধ্যেই শিৱাৰাণী কলিতাই অটোৱা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো শ্ৰেষ্ঠ অভিনেত্ৰীৰ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছে।
লক্ষীমপুৰ জিলাৰ ঢকুৱাখনা চহৰৰ শিৱা ৰাণী কলিতাই অভিনয় কৰা ব্ৰীজৰ চৰিত্ৰটো যথেষ্ট প্ৰত্যাহ্বান মূলক য’ত তেওঁ পথাৰত হাল বোৱা ভৰা নদীত কলৰ ভুৰ চলোৱাৰ দৰে কাম কৰিব লগা হৈছিল। ইয়াৰ উপৰিও পৰিচালকে যথেষ্ট স্বাভাৱিক অভিনয় কৰাইছে।এই খন চিনেমাত অভিনয় কৰাৰ পূৰ্বে শিৱাৰাণী য়ে কোনো ধাৰাবাহিক বা চিনেমাত অভিনয় কৰাৰ অভিজ্ঞতা নাছিল।
পৰিচালক কৃপাল কলিতাৰ ব্ৰীজ প্ৰথম খন‌ পুৰ্ণদৈৰ্ঘ চিনেমা। সুদীৰ্ঘ সময় ধৰি কৃপালে নাটক চিনেমা ধাৰাবাহিক চুটি চিনেমা আদিৰ পৰিচালনা চিত্ৰনাট্য ৰচনা অভিনয় আদিত নিৰবিচ্ছিন্ন ভাবে জড়িত হৈ আহিছে ৰমা কুমাৰ দাস আৰু সবিতা দেৱী প্ৰযোজিত ব্ৰীজে ইতিমধ্যে ৩৫ তাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত প্ৰদৰ্শিত হৈছে।৫১ সংখ্যক ভাৰতীৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI)2020 চনত ভাৰতৰ পৰা পুৰষ্কাৰ লাভ কৰা একমাত্ৰ ভাৰতীয় চিনেমা হিচাপে কৃতিত্ব অৰ্জন কৰা ব্ৰীজে লাভ কৰিছে আন কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সন্মান। গোল্ডেন জুৰি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবি ,১৬ সংখ্যাক ত্ৰিশূৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ উপৰিও
ভাৰতৰ চলচ্চিত্ৰ সমালোচকসকলৰ সংস্থা FIPRESCI- ৰ বিচাৰত ২০২০ চনত ভাৰতৰ শ্ৰেষ্ঠ দহখন চিনেমাৰ ভিতৰত ব্ৰীজৰ স্হান লাভ আদি উল্লেখযোগ্য। ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ চিনচিনেতিত ব্ৰীজে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী আৰু শ্ৰেষ্ঠ শিশু শিল্পীৰ চাৰিটাকৈ মনোনয়ন লাভ কৰি দুটা সন্মান আজুৰি আনে।কৃপাল কলিতা আৰু শিৱা ৰাণী কলিতাৰ দ্বাৰা পুৰষ্কাৰ লাভে অসমীয়া চলচ্চিত্ৰ অনুৰাগী আৰু ব্ৰীজৰ পৰিয়ালক উৎসাহিত কৰি তুলিছে ।

Comments (0)
Add Comment