যি সময়ত দেশ জুৰি ডিজিটেলৰ এক জোৱাৰ আহিছে।সকলো কাম কাজ ডিজিটেলি সমাপন হৈছে।এই সময়তে ডিব্ৰুগড় জিলাৰ বৰবৰুৱা চাহ বাগিচাৰ পৰিচালক শংখনীল বৈদ্যৰ প্ৰচেষ্টাত বাগানখনত সকলো চাহ কৰ্মচাৰীৰে ১০০ শতাংশই বেতন বেংক একাউণ্টযোগে লাভ কৰিছে।উল্লেখযোগ্য যে আজি অসম চৰকাৰৰ শ্ৰমিক কল্যান বিভাগৰ চতুৰ্থ বাৰ্ষিক শ্ৰমিক কল্যাণ দিৱস উপলক্ষে তিনিচুকীয়া ডুমডুমা ৰাজহুৱা খেলপথাৰত আয়োজিত সভাত শৃংখনীল বৈদ্যক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাব।
উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উপস্থিত থাকি বাগিচা খনৰ পৰিচালক শংখনীল বৈদ্যক আনুষ্ঠানিক ভাৱে সন্মান যাঁচিব।ইপিনে বৈদ্যৰ এই প্ৰচেষ্টাক ডিব্ৰুগড় তিনিচুকীয়াবাসীয়ে শলাগ লৈছে।
বৰবৰুৱা চাহ বাগিছা পৰিচালকৰ ব্যতিক্ৰমী পদক্ষেপ
