বৰ্ণিল কাৰ্যসূচীৰে কলাক্ষেত্ৰৰ বাকৰিত অনুষ্ঠিত হ’ব নৱবৰ্ষৰ অনুষ্ঠান

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে বিগত বৰ্ষ সমূহৰ দৰে এইবাৰো অহা ১ জানুৱাৰী পৰা ৭ জানুৱাৰী ২০২১ তাৰিখলৈ কলাক্ষেত্ৰ প্ৰাংগনত উদযাপিত হ’ব একাদশ সংখ্যক নৱবৰ্ষৰ মহোৎসৱৰ।১ জানুৱাৰী তাৰিখে পুৱা ১১ বজাত বৰ্ণিল ছন্দ শীৰ্ষক এখনি দেৱাল চিত্ৰ অংকন আৰু চিত্ৰ ভাস্কৰ্য প্ৰদৰ্শনীৰে পাতনি মেলিব।এই অনুষ্ঠানত অসম চৰকাৰৰ চাৰু আৰু কাৰু কলা মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰিব।দিনৰ ১১:৩০ বজাত পয়োভৰা শীৰ্ষক শিল্প আৰু ভোগালী মেলা উদ্বোধন কৰা হ’ব।এই মেলাত অসমৰ থলুৱা বোৱনীসকলে নিজে হাতে বোৱা সাজ-পাৰৰ লগতে বিভিন্ন খাদ্য সম্ভাৰ পোৱা যাব।
বিয়লি ৪ বজাত স্থিৰ সময় শীৰ্ষক এখনি আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব।এই প্ৰদৰ্শনীত অসমৰ বিভিন্ন প্ৰান্তৰ নবীন প্ৰবীণ শিল্পী সকলৰ আলোকচিত্ৰৰ প্ৰদৰ্শন হ’ব।সন্ধিয়া ৪.৩০ বজাত অসমৰ ন-পুৰণি শিল্পীসকলে পৰিবেশন কৰিব লগীয়া সোণালী সুৱদী গীত শীৰ্ষক অনুষ্ঠানত মুখ্য অতিথি আসন অলংকৃত কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে।সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী নৱ কুমাৰ দলে। অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকাই ৰচনা কৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ শীৰ্ষক গীতটি একক কণ্ঠত পৰিবেশন কৰিব জ্যেষ্ঠ শিল্পী ৰুবুল কলিতাই।
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে পোন প্ৰথম বাৰৰ বাবে আধুনিক অসমীয়া গীতৰৰ জগতলৈ অপৰিসীম অৱদান আগবঢ়োৱা বিশিষ্ট শিল্পী ক্ৰমে সুদক্ষিনা শৰ্মা,লক্ষহীৰা দাস,ৰমেন বৰুৱা,কীৰ্তি কমল ভূঞা,কুল বৰুৱা জ্যোতি বৰদলৈ আৰু অপূৰ্ব দাসক সম্বৰ্ধনা জ্ঞাপন কৰিব।সম্বৰ্ধনা জনাব অসমৰ মাননীয় মুখ্যমন্ত্ৰী সোণোৱালে।
সন্ধিয়া সোণালী সোৱদী গীত শীৰ্ষ অনুষ্ঠানত কণ্ঠদান কৰিব ক্ৰমে সমৰ হাজৰিকা, দ্বীপেন বৰুৱা,নমিতা ভট্টাচাৰ্য্য, হাচিনা হাজৰিকা,শান্ত উজীৰ, মনিষা হাজৰিকা, গায়ত্ৰী হাজৰিকা লগতে বহু কেইগৰাকী শিল্পীয়ে।অনুষ্ঠানটো পৰিকল্পনা আৰু পৰিচালনা কৰিব বিশিষ্ট শিল্পী পুলক বেনাৰ্জীয়ে।
মহোৎসৱৰ দ্বিতীয় দিনা অৰ্থাৎ ২ জানুৱাৰী বিয়লি ২ বজাত চাৱৰাই মেল চিত্ৰকলা বিষয়ত আলোচনা চক্ৰ অনুষ্ঠিত হ’ব।আলোচনা বিষয় সমকালীন কলা আৰু ইয়াৰ অনুশীল ।আলোচনা চক্ৰখনি সঞ্চালনা কৰিব আই আই টি গুৱাহাটীৰ অধ্যাপক ড° উৎপল বৰুৱাই।নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয় সংস্কৃতি অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড° মৌচুমী কন্দলী আৰু কলা ইতিহাসবিদ ফণীন্দ্ৰ তালুকদাৰে। সন্ধিয়া ৫.৩০ বজাত জেংৰাই শীৰ্ষক অনুষ্ঠানত জনগোষ্ঠীয়ে লোক নৃত্য গীত আৰু বিহু পৰিবেশ কৰিব। এই অনুষ্ঠানত দেউৰী,ৰাভা,তিৱা,ডিমাচা, চাহ-জনগোষ্ঠীৰ নৃত্য,ঠেঙাল কছাৰী,মিছিং আদি জনগোষ্ঠীৰ নৃত্য গীত পৰিৱেশন কৰিব।
৩ জানুৱাৰী ২ বজাত অনুষ্ঠিত হ’ব অকণিৰ ৰহগৰ। অনুষ্ঠানত বহু কেইগৰাকী শিশু চেমনীয়াই মুক্তমনে নিজস্ব বিষয় বস্তুৰে কলাক্ষেত্ৰৰ মুক্তাঙগনত ছবি আঁকিব। সত্ৰীয়া নৃত্য, সৃষ্টিশীল নৃত্য, বৰগীত, পাৰ্বতী প্ৰসাদ বৰুৱা,ভূপেন হাজৰিকা গীত বিভিন্ন পৰম্পৰাগত সাজ পাৰেৰে ভেশভূষা প্ৰদৰ্শন, অভিনয় শৈলীয়ে সাধুকথাৰ পৰিবেশন কৰিব নিৰ্বাচিত শিশু সকলে। লগতে ক’ভিড-১৯ অতিমাৰীক বিষয় ৰূপে লৈ গুৱাহাটীৰ লগতে তিতাবৰ শিশু চেমনীয়াই এখন নাটক অভিনয় কৰিব । নাটকখনৰ সামগ্ৰিক অনুষ্ঠানটো পৰিচালনা কৰিব চিত্ৰশিল্পী মধুসুধন দাসে। সন্ধিয়া ৪.৩০ বজাত প্ৰাগ ঝকাৰে শীৰ্ষক অৱনন্ধ বাদ্য সমাৰোহ পৰিবেশন কৰা লগতে দিনৰ ১১ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বিভিন্ন স্থানত বাদ্য পৰিবেশন কৰিব।
৪ জানুৱাৰী দিনৰ ২ বজাৰ পৰা মুক্ত চিন্তা শীৰ্ষক চিত্ৰ কলা সম্পৰ্কীয় অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানটো পৰিচালনা কৰিব চাৰু আৰু কাৰু কলা মহাবিদ্যালয় অধ্যক্ষ ড° জেৱিন ঘোষ দস্তিদাৰে। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব বহু কেইগৰাকী বিশিষ্ট ব্যক্তি। সন্ধিয়া ৪ বজাত অ পক্ষী ৰৈ যা ৰে শীর্ষক কামৰূপী লোকসংগীতৰ অনুষ্ঠান অনুষ্ঠিত হ’ব।এই অনুষ্ঠানত কামৰূপী লোকসংগীত পৰিবেশন কৰিব বিশিষ্ট শিল্পীসকলে।
৫ জানুৱাৰী ১১ বজাৰ পৰা সমাহাৰ চিত্ৰ আৰু কবিতাৰ যুগলবন্দী শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ’ব।অনুৰাধা শৰ্মা পূজাৰীয়ে পৰিচালনা কৰিব লগীয়া এই অনুষ্ঠানত বহু কেইকগৰাকী কবি চিত্ৰশিল্পীয়ে পৰিবেশন কৰিব।সন্ধিয়া ৪.৩০ বজাৰ পৰা ধ্ৰুপদী ৰংগ শীৰ্ষক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান অনুষ্ঠিত কৰিব।
৬ জানুৱাৰী দিনৰ ২ বজাৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক পৰ্যটনস্থলী হিচাপে পৰিগণিত কৰা উদ্দেশ্যে পৰ্যটন উন্নয়ন বিষয়ক এখনি বৈঠক অনুষ্ঠিত হ’ব।উক্ত দিনা সন্ধিয়া ৪.৩০ বজাত ঐক্যতান শীৰ্ষক তিব্বতীয় সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হ’ব।
৭ জানুৱাৰী ৪.৩০ বজাত হা-তা-না-না শীৰ্ষক দৰঙী লোক কৃষ্টি অনুষ্ঠান পৰিবেশন কৰা হ’ব। মহোৎসৱৰ সমূহ কাৰ্যসূচীতে সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে।

Comments (0)
Add Comment