ভাওনা মহোৎসৱলৈ আমন্ত্ৰণ হ’ব দেশৰ প্ৰধানমন্ত্ৰী

ভাওনা মহোৎসৱলৈ আমন্ত্ৰণ হ’ব দেশৰ প্ৰধানমন্ত্ৰী

দেশৰ একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত ঐতিহ্যমণ্ডিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা মহোৎসৱ এইবাৰ ২০২৩ বৰ্ষৰ মাৰ্চত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হৈছে ৷ এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বৰভগীয়া গাওঁৰ নামঘৰ প্ৰাঙ্গণত গাঁওবাসী ৰাইজৰ আতিথ্যত বৃহত্তৰ জামুগুৰিহাটৰ পাচঁ শতাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হয় এক ৰাজহুৱা সভা ৷ বাৰেচহৰীয়া ভাওনা সমিতিৰ স্থায়ী সভাপতি ভৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত এখন শক্তিশালী উদযাপন সমিতি গঠন কৰা হয় ৷ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক সভাপতি, ভৱ গোস্বামীক কাৰ্যকৰী সভাপতি আৰু জয়ন্ত বৰাক প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত কৰাৰ লগতে ২৫ খন উপ সমিতিও গঠন কৰা হয় ৷ সভাত অংশ গ্ৰহণ কৰি চতিয়া সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই কয়- বাৰেচহৰীয়া ভাওনা জামুগুৰিয়া ৰাইজৰ পৰিচয় ৷ বাৰেচহৰীয়া ভাওনাই জামুগুৰিবাসীক বিপদে-আপদে সহায় কৰি আহিছে৷মোকো বাৰেচহৰীয়া ভাওনাই সুৰক্ষা দি আহিছে ৷ এই ভাওনাৰ মহত্ত্ব তথা আধ্যাত্মিকতাই জামুগুৰিহাটৰ প্ৰতিজন ব্যক্তিৰ হৃদয় পবিত্ৰ কৰি ৰাখিছে ৷ এইবাৰ ভাওনা মহোৎসৱত জামুগুৰিহাটৰ ২১খন বিভিন্ন ধৰ্মীয় সমাজে অংশ গ্ৰহণ কৰিব ৷ ভাওনা মহোৎসৱলৈ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীকো আমন্ত্ৰণ জনোৱাৰ চিন্তাচৰ্চা কৰা বুলি মন্তব্য কৰে ৷ ইয়াৰোপৰি ২৮ কোটি টকাৰে নিৰ্মান হৈ থকা বাৰেচহৰীয়া ভাওনাৰ সাংস্কৃতিক প্ৰকল্পটিও ভাওনাৰ সময়তে উদ্ধোধন কৰিব বুলিও জানিবলৈ দিয়ে ৷ এই ভাওনা মহোৎসৱলৈ দেশৰ বহুকেইগৰাকী সামাজিক, সাহিত্যিক, সাংস্কৃতিকক্ষেত্ৰৰ আগশাৰীৰ ব্যক্তিক আমন্ত্ৰণ জনোৱা হ’ব ৷ এইবেলি ভাওনা মহোৎসৱত বড়ো, মিচিং, আদিবাসী জনগোষ্ঠীৰ উপৰিও ইছলাম ধৰ্মীয় লোক সকলেও সম্পূৰ্ণ সহযোগীতা আগবঢ়াব বুলি মন্তব্য কৰে সভাপতি ভৱ গোস্বামীয়ে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment