জাতিপ্ৰেমৰ অন্যতম নিদৰ্শন-Lachit The Warrior

জাতিপ্ৰেমৰ অন্যতম নিদৰ্শন-Lachit The Warrior

WhatsApp Image 2017-11-24 at 8.35.01 PM (3)

একাংশ নৱপ্ৰজন্মই প্ৰযুক্তিবিদ্যাক সুপ্ৰয়োগ কৰিছে। কথাষাৰ হয়তো পোনচাতেই মানি ল’বলৈ আপুনি নিবিচাৰিব। কিন্তু তাকেই কৰি দেখুওৱাইছে একাংশ প্ৰজন্মই। আৰক্ষীৰ নিচিনা “হেভি ডিউটীৰ” কামৰ মাজতে এগৰাকী জাতি প্ৰেমীয়ে বন্ধুৰ সহযোগত ৰাইজৰ মাজলৈ আগবঢ়ালে লাচিত দ্যা ৱাৰিঅ’ৰ (Lachit The Warrior) শীৰ্ষক এক ভিডিঅ’ গেম। আজি লাচিত দিৱসৰ দিনা এই গেমবিধে বিশেষ চৰ্চা লাভ কৰিছে।

WhatsApp Image 2017-11-24 at 8.35.01 PM

জানি সুখী হ’ব যে এই গেম বিধৰ লগত জিতেন দাস নামৰ (গড়চুক থানাৰ আৰক্ষী বিষয়া) ব্যক্তিৰ জনৰ লগতে হিৰক ডেকা, পংকজানন্দ দাস, বিকি দাস জৰিত হৈ আছে। প্ৰায় ৩ মাহ সময়ৰ পিছত এই গেমবিধক শিশু তথা ক্ৰীড়া প্ৰেমী সকললৈ আগবঢ়াবলৈ সক্ষম হৈছে। লাচিত দ্যা ৱাৰিঅ’ৰ (Lachit The Warrior) শীৰ্ষক গেম বিধৰ সম্পৰ্কে কিদৰে ধাৰণা আহিল জানিব বিচৰাত জীতেন দাসে nefocus.com ক এনেদৰে কয়- মই এবাৰ পানবজাৰ এলেকাত ডিউটী কৰি আছিলো। সেইসময়ত ব্ৰহ্মপুত্ৰ বুকুত স্থাপন কৰা লাচিতৰ প্ৰতিমূৰ্ত্তি দেখি এটা সৰু ল’ৰাই দেউতাকক লাচিত বৰফুকনৰ সম্পৰ্কে নানা প্ৰশ্ন অৱতাৰণা কৰিছিল। তেতিয়া মই ভাবিছিলো যে শিশুসকলে যিহেতু ভিডিঅ’ গেম খুবেই ভাল পায় মইনো কিয় লাচিত বৰফুকনক লৈ এটা Video গেম নবনাও! এই চিন্তাৰ ফলশ্ৰুতিত লাচিত দ্যা ৱাৰিঅ’ৰ গেমটো বনালো। এই গেমটো বনাওতে মোৰ বাকী ৩ জন বন্ধুৱে যথেষ্ট সহায় কৰিছিল। আৰু প্ৰত্যেকেই গেম প্ৰস্তুত কৰাত বিশেষ বিশেষ দিশত দৃষ্টি আৰোপ কৰিছিল।

WhatsApp Image 2017-11-24 at 8.40.16 PM

মনকৰিবলগীয়া যে চাৰিও জনৰ প্ৰফেচন বেলেগ আৰু ব্যস্ততা বেলেগ বেলেগ হোৱাৰ বাবে নৈশভাগত ভিডিঅ’ কলৰ জৰিয়তে একত্ৰিত হৈ গেমটো প্ৰস্তুত কৰিছিল। সেয়ে আচলতে প্ৰযুক্তিবিদ্যাৰ সুপ্ৰয়োগ হৈছে বুলি কোৱা হৈছে। সকলো বয়সৰে ব্যক্তিয়ে খেলি আমোদ পাব পৰা গেমটো Google Play Storeত উপলব্ধ। জানিব পৰা মতে গেমটো খেলি যেতিয়া পইণ্ট বাঢ়ি যায় কুকুৰ, ঘোঁৰা, হাতীৰ এনিমেচনে আদৰণি জনায়। আশা কৰা হৈছে এনে গেমৰ জৰিয়তে কেৱল শিশুৱে আমোদ লাভ কৰায়ে নহয়, ঐতিহাসিক ৰণখনৰ বিষয়েও অবগত হ’ব। নৱপ্ৰজন্মৰ উদ্যমীৰ কেইগৰাকীৰ প্ৰচেষ্টাই ইতিবাচক চিন্তাৰ খোৰাক যোগাইছে।

Comments (1)
Add Comment
  • দীনেশ কুমাৰ ডেকা৷ অৱসৰ প্ৰাপ্ত সচিব ও মুখ্য অভিযন্তা, জল সম্পদ বিভাগ, ex Member of Indo-Bhutan Joint Group of Experts

    অভিনন্দন! হীৰক ডেকা মোৰ ভতিজা, বাকীবোৰ ভতিজাসম৷ এই চিন্তাশীল সক্ষম যুবক কেইজনক চৰকাৰে বিশেষ সুবিধা দিয়া উচিত৷ কি সুবিধা লাগে তেওঁলোকেই কব পাৰিব৷ সুযোগ সুবিধা দিলে ৰাইজ ও ৰাজ্য উপকৃত হব৷ তেওঁলোকৰ উন্নতি ও মঙ্গল কামনা কৰি উদ্ভাৱনৰ দিশত আগবাঢ়ি যাবলৈ উদগণি জনালো৷