ভাল খবৰ- মাজুলী জিলা হ’ল

ভাল খবৰ- মাজুলী জিলা হ’ল

  চেনেহৰ মাজুলী

আছিলা আজলী…।

আছিলে চাৰি সত্ৰ স্থান

কোবাল নদীৰ খহনীয়াই হৰি নিলে তোমাৰ মান |

IMG-20160909-WA0001

কোনো অখ্যাত কবিৰ আপ্ত কবিতা ফাঁকি যেন অতীত হোৱাৰ পথত। অৱশেষত সকলো আশা, উৎকণ্ঠাৰ অৱসান ঘটাই মাজুলীক জিলা হিচাপে আনুষ্ঠানিক ভাবে ঘোষণা কৰা হ’ল। বিশ্বৰ বৃহত্তম নদী দ্বীপটো অন্য এক নামেৰে জানিব পৰা হ’ল । সেয়া হ’ল মাজুলী জিলা । স্বাধীনতাৰ পাছত পোন প্ৰথম বাৰৰ বাবে মাজুলীত কেবিনেট বহিল, উপাযুক্ত কাৰ্য্যালয়ৰ দুৱাৰ মুকলি হ’ল। মাজুলীক জিলা হিচাপে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰাৰ পাছত সাংস্কৃতিক বিদ্যলয়, তাৰকা গৃহ আৰু এখন আৰ্য়ুবেদিক মহাবিদ্যালয় স্থাপন কৰা হ’ব, বুলি কোৱা প্ৰসংগই মাজুলী বাসীৰ মাজত আনন্দৰ জোৱাৰ তুলিছে। গৰাখহনীয়াৰ সমস্যা সমাধান কৰা, ঐতিহ্য পৰম্পৰাক সুৰক্ষিত কৰা, বাটপথ সুচল কৰা, পৰ্যটনৰ ক্ষেত্ৰত অন্যমাত্ৰা প্ৰদান কৰা হ’ব বুলি আশা কৰা হৈছে।

IMG-20160909-WA0003

Comments (1)
Add Comment
  • pranab saikia

    Its really a good news.