শ্ৰী শৈলেস,আই,এ এছ, সচিব,ভাৰত চৰকাৰৰ লোক উদ্যম বিভাগ,গুৰু উদ্যোগ আৰু লোক উদ্যম মন্ত্ৰালয়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ কেপিটেল এক্সপেণ্ডিছাৰৰ পৰ্যালোচনাৰ বাবে নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ গুৱাহাটীস্থিত কৰ্পৰেট কাৰ্যালয়ত ১৮ ডিচেম্বৰ পৰিদৰ্শন কৰে।
এন আৰ এলৰ পৰিচালন সঞ্চালক এচ কে বৰুৱা আৰু অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালনা সঞ্চালক শ্ৰী সুশীল চন্দ্ৰ মিশ্ৰই তেওঁক উষ্ম আদৰণি জনায়। সভা খনত অসম চৰকাৰৰ জন উদ্যোগ বিভাগৰ প্ৰধান সচিব ড° এম আফিৰ আহমেদ, আই এএছএন আৰ এলৰ পৰিচালক শ্ৰী বি জে ফুকন , এন আৰ এলৰ পৰিচালক ইন্দ্ৰনীল মিত্ৰ , অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালক শ্ৰী হৰিশ মাধৱ আৰু দুয়োটা কোম্পানীৰ জ্যেষ্ঠ বিষয়াবৰ্গ উপস্থিত থাকে।
শ্ৰী শৈলেসে দুয়োটা কোম্পানীৰ চলিত বিত্তীয় বৰ্ষৰ কেপেক্স কাৰ্যসূচী পৰ্যালোচনা কৰে আৰু ইয়াৰ ৰূপায়ন ক্ষিপ্ৰতৰ কৰি তুলি ভাৰত চৰকাৰৰ ক’ভিড বিধ্বস্ত অৰ্থনীতি শক্তিশালী কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ আহ্বান জনায়।
এন আৰ এলে চলিত বিত্তীয় বৰ্ষত মুঠ ১৪৯ কোটি টকা কোম্পানীটো মুখ্য প্ৰকল্প সমূহৰ বাবে ব্যয় কৰিব।কোম্পানীটোৱে কেইবাটাও প্ৰধান প্ৰকল্প হাতত লৈছে ,যেনে ৰিফাইনেৰী সম্প্ৰসাৰণ প্ৰকল্প বৰ্তমানৰ ৩ এম এম টি পি এৰ পৰা ৯ এম এম টি পি এ লৈ যিটোৰ অন্তৰ্গত হৈছে পাৰাদ্বীপ পৰ্টৰ পৰা ২২০০ কিলোমিটাৰ খাৰুৱা তেলৰ পাইপলাইনৰ ৰূপায়ন , ওড়িশাৰ পৰা অসমৰ নুমলীগড়লৈ প্ৰডাক্ট পাইপলাইন নুমলীগড়ৰ পৰা পশ্চিম বংগৰ শিলিগুৰিলৈ আৰু পাৰাদ্বীপ পৰ্টত খাৰুৱা তেল ইম্পৰ্ট টাৰ্মিনেলৰ ব্যৱস্থাকৰণ ইত্যাদি।
ইয়াৰ উপৰিও এন আৰ এলে মাৰ্কেটিং টাৰ্মিনেল শিলিগুৰিৰ পৰা বাংলাদেশৰ পাৰ্বতিপুৰলৈ ১৩০কি মি দৈৰ্ঘ্যৰ আন্ত:ৰাষ্ট্ৰীয় ইন্দ,বাংলা ফ্ৰেণ্ডশ্বিপ পাইপলাইনৰ ব্যৱস্থাকৰণ কৰিছে।তদুপৰি এন আৰ এলে দুই প্ৰধান জে ভি প্ৰকল্প অসম ব্যয় ৰিফাইনেৰী প্ৰাইভেট লিমিটেড আৰু ইন্দ্ৰধনুচ গেছ গ্ৰীড লিমিটেড,ইকুইটি শ্বেয়াৰ আছে।এবি আৰ পি এলে দেশৰ প্ৰথম বেম্বু মেছ বায় ৰিফাইনেৰীৰ ৰূপায়ন কৰিছে আৰু আই জি জি এলে নেচনেল গেছ গ্ৰীডৰ উত্তৰ পূৰ্বৰ আঠ খন ৰাজ্যক সাঙুৰি লৈছে।পাইপলাইনটোৱে এন আৰ এলৰ লগতে অন্যান্য ইণ্ডাষ্ট্ৰীয়েল গ্ৰাহকক সেৱা যোগান ধৰিব।
ভাৰত চৰকাৰৰ ডি পি ই সচিবৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডত কেপেস্কৰ পৰ্যালোচনা
