ভ্ৰাম্যমান শৌচালয়ৰ উদ্ভাৱনে সমাজলৈ জোৱাৰ আনিছে 

ভ্ৰাম্যমান শৌচালয়ৰ উদ্ভাৱনে সমাজলৈ জোৱাৰ আনিছে 
IMG-20180213-WA0017
চৌদিশে পৰিবেশ স্বচ্ছ কৰাৰ শ্লোগান শুনা গৈছে। কিন্তু আমি কিমানজনে কাৰ্য্যক্ষেত্ৰত পৰিবেশক স্বচ্ছ কৰি ৰখাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছো! আজি এনে এজন উদ্যমীৰ বিষয়ে জনাব বিচাৰিছো, যিজন উদ্যমীয়ে নিজৰ বাবে নহয়, সমাজৰ বাবে আনে নকৰা ব্যতিক্ৰম ধৰণৰ উদ্ভাৱন কৰি সমাজলৈ সেৱা আগবঢ়াইছে। তেখেত কোন জানেনে?  তেখেত মংঙ্গলদৈৰ ৰবীন্দ্ৰ নাথ হাজৰিকা। পেছাত হাইস্কুলৰ বিজ্ঞান শিক্ষক হাজৰিকাই আপুনি, আমি সাধাৰণতে দেখি থকা সামগ্ৰীয়ে প্ৰস্তুুত কৰিছে ইটোৰ পিছত সিটো মূল্যৱান আহিলা। বৰষুণৰ পানী সংৰক্ষণৰ আহিলা, বাথৰুম পানী নিস্কাষণ পদ্ধতি তথা শেহতীয়াকৈ উদ্ভাৱন কৰা পৰিবহনসুলভ শৌচালয়ে সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
IMG-20180213-WA0018
এই পৰিবহন সুলভ শৌচালয়টো বানপিড়ীত তথা দূৰ ভ্ৰমণত যোৱা সকলৰ বাবে অন্যতম প্ৰয়োজনীয় আহিলা। থাৰ্মকল, পলিথিন আৰু কেইবিধমান আপোনাৰ প্ৰয়োজনীয় সামগ্ৰীয়ে তৈয়াৰ কৰিব পৰা এই শৌচালয়টো তৈয়াৰ কৰোতে ব্যয় হ’ব ৩০০ ৰ পৰা ৪০০ টকাৰ ভিতৰত। জানিব পৰা মতে ১০০ জন ব্যক্তিয়ে  সৰ্বোচ্চ ৬ দিন শৌচালয়টো ব্যৱহাৰ কৰিব পাৰে। ইতিমধ্যে বানপিড়ীত অঞ্চলত এই শৌচালয়টো ব্যৱহাৰ হৈছে। এনে ধৰণৰ শৌচালয়ৰ চিন্তা কিদৰে মনলৈ আহিল জানিব বিচৰাত তেখেতে এনেদৰে কয় — বানপানীৰ সময়ত বানপিড়ীত সকলে প্ৰায়  মুকলি ভাৱে শৌচ কৰা দেখা যায়। এই ক্ষেত্ৰত যুৱতী, মহিলা সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি এনে শৌচালয় প্ৰস্তুুত কৰো৷ উল্লেখযোগ্য যে ৰেলৰ শৌচালয়ৰ দ্বাৰা কিদৰে জৈৱিক সাৰ প্ৰস্তুুত কৰিব পৰা যায় সেই সম্পৰ্কে হাজৰিকাই চিন্তা – চৰ্চা অব্যাহত ৰাখিছে। সাধাৰণ দৃষ্টিত সৰু যেন লগা আহিলা বিধৰ উদ্ভাৱনে নিশ্চয়কে বহুজনৰ সকাহ হ’ব বুলি আশা কৰিব পাৰি।
Comments (0)
Add Comment