মডেলিঙ জগতত সফলতা লাভ কৰিছে বালিপৰা চাহ বাগিছাৰ প্ৰিয়ংকা চাহানীয়ে

এগৰাকী চাহ বাগিছাৰ যুৱতী । যুৱতী গৰাকীৰ নাম প্ৰিয়ংকা চাহানী । শোণিতপুৰ জিলা তথা ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বালিপৰা চাহ বাগিছাৰ নিবাসী যুৱতী তথা চুভাষ চাহানী আৰু হেমলতা চাহানীৰ সু-কন্যা প্ৰিয়ংকাই সৰুৰে পৰা মডেলিঙৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিভাসম্পন্ন যুৱতী প্ৰিয়ংকাই ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বিভিন্ন মঞ্চত মডেলিঙ প্ৰদৰ্শন কৰি ৰাইজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় । ২০১৯ চনৰ পৰা মডেলিঙৰ জগতখনত খোজ পেলোৱা প্ৰিয়ংকা বালিপৰাৰ চাহ বাগিছাৰ যুৱতী তথা লখৰা কেন্দ্ৰীয় বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰী । ১৬ বছৰীয়া প্ৰিয়ংকাই মডেলিঙৰ জৰিয়তে নৰ্থ ইষ্ট গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ মঞ্চত অনুষ্ঠিত কৰা গুৱাহাটী নৰ্থইষ্টত দ্বিতীয় ৰানাৰচ আপ পাবলৈ সক্ষম হোৱাৰ লগতে বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে । প্ৰিয়ংকাৰ সফলতাৰ বাবে তেজপুৰ আৰু বালিপৰাৰ আটছাৰ বিষয়ববীয়া, আথুৱা মহিলা সংগঠনৰ বিষয়ববীয়াসকলে ফুলাম গামোছাৰে উস্ম আদৰণি জনায়।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment