কামৰূপ জিলা প্ৰশাসন আৰু জিলা ক্ৰী়ড়া বিভাগৰ উদ্যোগত যোৱা ৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণৰ আজি সফল সামৰণি পৰে । সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি পশ্চিম বিধানসভা সমষ্টিৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতাই নৱপ্ৰজন্মক উদ্দেশ্যি কয় যে গাঁৱে-ভূঞে,চহৰে-নগৰে বিভিন্ন প্ৰতিভা লুকাই আছে । কিন্তু উপযুক্ত মঞ্চৰ অভাৱত সুপ্ত হৈ থকা প্ৰতিভাসমূহ খেল মহাৰণৰ জৰিয়তে প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে । অসমৰ বহুতো খেলুৱৈয়ে নিজৰ শ্ৰম আৰু প্ৰচেষ্টাৰে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখযোগ্য যে মধ্য গুৱাহাটীত ১৮০০ গৰাকী প্ৰতিযোগীয়ে ৱাৰ্ডৰ পৰা নিৰ্বাচিত হৈ সমষ্টি পৰ্যায়ৰ খেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । সমষ্টি ভিত্তিত বিজয়ী এই প্ৰতিযোগীসকলে জিলা পৰ্যায়ত খেলাৰ সুবিধা পাব । অনুষ্ঠানৰ শেষত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়। আজিৰ এই সামৰণি অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ’ কৰণ পেগু,বিশিষ্ট খেলুৱৈদ্বয় অম্বা শইকীয়া পাটগিৰি , প্ৰদীপ শৰ্মা ,১২ আৰু ১৩ নং ৱাৰ্ডৰ পাৰিষদদ্বয় পূৰবী তালুকদাৰ আৰু দীপাংকৰ বৈশ্য,শাৰিৰীক প্ৰশিক্ষক ,বিজয়ী প্ৰতিযোগীসকলৰ লগতে অভিভাৱক তথা স্থানীয় নাগৰিকসকল উপস্হিত থাকে।
মধ্য গুৱাহাটী বিধানসভা সমষ্টি পৰ্যায়ৰ খেল মহাৰণ ২.০ ৰ সফল সামৰণি
