মনালিছা বৰুৱা ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত

মনালিছা বৰুৱা ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত

অসমৰ একালৰ প্রখ্যাত টেবুল টেনিছ খেলুৱৈ মনালিছা বৰুৱা মেহতা ভাৰতীয় টেবুল টেনিছ দলৰ প্রশিক্ষক নিযুক্ত হৈছে৷ অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৫ ছেপ্ঢেম্বৰলৈ কাটাৰত অনুষ্ঠিত হ’বলগীয়া ২৫সংখ্যক আই টি টি এফ এছিয়ান টেবুল টেনিছ চেম্পিয়নশ্বিপৰ বাবে ঘোষিত ভাৰতীয় দলটোত অসমৰ অৰ্জুন বঁটা বিজয়ী প্রাক্তন খেলুৱৈগৰাকীয়ে প্রশিক্ষকৰ গুৰুদায়িত্ব লাভ কৰিছে৷ দলটোৰ আনগৰাকী প্রশিক্ষক হ’ল অৰূপ বাছাক৷ইফালে, প্রতিযোগিতাখনত জি সাথিয়ান, শৰথ কমল আদিৰ দৰে দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈয়ে অংশ ল’ব৷ মন কৰিবলগীয়া যে ভাৰতীয় ছিনিয়ৰ টেবুল টেনিছ দলটোৰ প্রশিক্ষকৰ দায়িত্ব লাভ কৰা মনালিছা বৰুৱা হ’ল কেইবাবাৰৰ প্রাক্তন ৰাষ্ট্রীয় চেম্পিয়ন৷ তেওঁ ১৯৮৭ত সন্মানীয় অর্জুন বঁটা লাভ কৰিছিল৷

Comments (0)
Add Comment