মন্ত্ৰী অশোক সিংহালৰ সাংবাদিকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত

মন্ত্ৰী অশোক সিংহালৰ সাংবাদিকৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত

নৱবৰ্ষৰ উপলক্ষে বছৰৰ প্ৰথমটো সপ্তাহৰ ৩ জানুৱাৰীত অৰ্থাৎ আজি মন্ত্ৰী অশোক সিংহাল বিদায়ী বছৰৰ পৰ্যালোচনা আৰু নতুন বছৰৰ পৰিকল্পনা শীৰ্ষক এক সাংবাদিকৰ সৈতে অন্তৰংগ আলাপৰ অনুষ্ঠান অনুষ্ঠিত হয়। মহানগৰীৰ নেডফি হাউছৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহালে কয় যে মহানগৰীখন সৰ্বাংগ সুন্দৰ ৰূপত গঢ় দিয়াৰ বাবে আমি প্ৰয়াস কৰিছো। জাগীৰোডৰ কাগজভূমিত এখন চেটেলাইট টাউনশ্বিপ গঢ়াৰ পৰিকল্পনাৰ কথা দোহাৰে। মহানগৰীক জাকত জিলিকা চহৰ হিচাপে গঢ় দিয়াৰ কথা জানিবলৈ দি উল্লেখ কৰে যে ষ্ট্ৰীট লাইট, যান জট, পানী যোগান আঁচনি, নলা নৰ্দমা নিৰ্মাণ ইত্যাদি বাবে বিভিন্ন হাতত লোৱা হৈছে।মত বিনিময় অনুষ্ঠানত আগন্তুক দিনত বিভাগে গ্ৰহণ কৰিব লগীয়া আঁচনিৰ সম্পৰ্কে বিভাগীয় কৰ্তৃপক্ষই প্ৰজেক্ট প্ৰকাশ কৰে।

এই অনুষ্ঠানত প্ৰায় অৰ্ধ শতাধিক সাংবাদিকৰ লগতে এম এছ মনিৱন্নন, আয়ুক্ত-সচিব, জলসিঞ্চন বিভাগ, কবিতা পদ্মনাভন, আয়ুক্ত-সচিব, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, পৱিত্ৰ ৰাম খাউণ্ড, জলসিঞ্চন বিভাগ, কে জে হিলালী, মুখ্য কাৰ্যবাহী বিষয়া জি এম ডি এ, পল্লৱ গোপাল ঝা, প্ৰকল্প সঞ্চালক, গুৱাহাটী জল ব’ৰ্ড, এছ লক্ষ্মনন, প্ৰকল্প সঞ্চালক গুৱাহাটী স্মাৰ্ট চিটী লিমিটেড, মেঘনিধি দাহাল আয়ুক্ত গুৱাহাটী পৌৰ নিগম উপস্থিত থাকে।

Comments (0)
Add Comment