মহানগৰীত পুনৰ ১৪দিনৰ বাবে লকডাউন হ’ব পাৰে। অলপতে এই সম্পৰ্কে আলোচনাত মিলিত হয় উপায়ুক্ত, জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ কেইগৰাকীমান বিষয়াৰ লগতে নাগৰিক সমাজ।
দিনে দিনে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিব পৰা গৈছে । সেই হিচাপত অহা ২৬জুলাইলৈকে মহানগৰীত লকডাউন থাকিব। অৱশ্যে ঔষধ, শাক পাচলিৰ ক্ষেত্ৰত শিথিলতা থাকিব। এই সম্পৰ্কে এতিয়ালৈকে স্পষ্টভাৱে ঘোষণা কৰা হোৱা নাই। লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য সচিবক নিৰ্দেশ জাৰি কৰিছে।
মহানগৰীত পুনৰ ১৪দিনীয়া লকডাউনৰ সম্ভাৱনা
