মহাবাহু বুকুত ভাসমান পৰীক্ষাগাৰ

মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত অচিৰেই স্থাপন হ’ব এটা Floating Laboratory, ব্ৰহ্মপুত্ৰৰ বৈচিত্ৰ্য অধ্যয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থাপন কৰিব এই ভাসমান পৰীক্ষাগাৰ। শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী ডাঃ হৰ্ষবৰ্দ্ধনে নতুন দিল্লীত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰিছে। মন্ত্ৰীগৰাকী সদৰী কৰা মতে ড’নাৰ মন্ত্ৰালয়ৰ পৃষ্ঠপোষকতাত স্থাপন কৰা হ’ব এই ভাসমান পৰীক্ষাগাৰ। জানিব পৰা মতে IIT গুৱাহাটীৰ এটা গৱেষকৰ দলৰ প্ৰস্তাৱ অনুসৰি কেন্দ্ৰীয় চৰকাৰে মহাবাহুৰ বুকুত ভাসমান পৰীক্ষাগাৰ স্থাপন সিদ্ধান্ত গ্ৰহণ কৰিছে।

বিশাল ব্ৰহ্মপুত্ৰৰ গতিবিধি ইয়াৰ বৈচিত্ৰ্যতা অধ্যয়নৰ লক্ষ্য কৰিবলৈ লোৱা এই পৰীক্ষাগাৰটো মেচিন চালিত নাৱত স্থাপনৰ ব্যৱস্থা কৰা হ’ব। এই নাৱতে গৱেষকৰ দলে তেওঁলোকৰ গৱেষণামূলক কাম কাজ অব্যাহত ৰাখিব। ইয়াৰ বাবে গৱেষকৰ দলে টোৱে ব্ৰহ্মপুত্ৰৰ বিস্তৃৰ্ণ এলেকা ভ্ৰমণ কৰিব। এই সময় চোৱাত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সমূহ শিক্ষাৰ্থী তথা শিক্ষক, গৱেষকৰ সৈতে মত বিনিময় কৰি শৈক্ষিক একতীকৰণৰ প্ৰয়াস কৰিব গৱেষকৰ দলটোৱে। তদুপৰি চৰাঞ্চলৰ পিছপৰা লোক সকলৰ সৈতে পৰিস্থিতিৰ সম্পৰ্কে বুজ ল’ব।

অৱশ্যে এই সকলোখিনি কথা প্ৰাথমিক পৰ্য্যায়তে থকা বুলি সদৰী কৰিছে IIT গুৱাহাটীৰ এটা সূত্ৰই। কিন্তু IIT গুৱাহাটীৰ গৱেষকৰ পৰিকল্পনা তথা কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই যদি বাস্তৱ ৰূপ পাই তেন্তে সমৃদ্ধিশালী ব্ৰহ্মপুত্ৰৰ বৈচিত্ৰ্যতাই যে নতুন মাত্ৰা লাভ কৰিব সেয়া নিশ্চিত।

Comments (0)
Add Comment