মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱত শ্ৰী শংকৰদেৱ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি মহাৰাষ্ট্ৰৰ ৰাইগড় জিলাৰ কৰজত অঞ্চলৰ পোচাৰি আৰু টাওৰে গাঁৱৰ উদ্যোগত তথা মুম্বাইৰ প্ৰবাসী অসমীয়া সমাজৰ সহযোগত গাঁওখনত শ্ৰীশংকৰদেৱৰ নামঘৰ আৰু সামাজিক-সাংস্কৃতিক কেন্দ্ৰৰ আধাশিলা স্থাপন কৰে।এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য বাহিৰত থাকিও নিজৰ শিপা পাহৰি নোযোৱা এইসকল ব্যক্তিৰ প্ৰচেষ্টাতেই অসমীয়া সংস্কৃতি জগতসভাত স্ব-গৰিমাৰে উজলি উঠিবলৈ সক্ষম হ’ব।তদুপৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই নামঘৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদানকে ধৰি সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথাও ঘোষণা কৰে। লগতে নামঘৰ সমীপতে মা কামাখ্যাৰ এটি মন্দিৰ নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি কয়। আজিৰ এই অনুষ্ঠানত স্থানীয় বিধায়ক মহেন্দ্ৰ থোৰাবেৰ লগতে অসম অসম এচোছিয়েশ্যন ,মুম্বাই আৰু শ্ৰীময়ী অসমীয়া মহিলা সমাজৰ বিষয় ববীয়া সকলো উপস্থিত থাকে।

Comments (0)
Add Comment