মহিলা শিল্পকাৰসকলক সৱলীকৃত কৰিছে হুনাৰ হাটে*

গুৱাহাটীত অনুষ্ঠিত হোৱা হুনাৰ হাটে মহিলা সৱলীকৰণৰ এক উদাহৰণ দাঙি ধৰিছে। চহৰখনৰ খানাপাৰা অঞ্চলত চলি থকা হুনাৰ হাটত মহিলা শিল্পী, শিল্পকাৰ আৰু কাৰিকৰৰ ৫৮ খন বিপণী আছে, ইয়াৰে অধিকাংশ মহিলাই পূৰ্বতেও হুনাৰ হাটত অংশগ্ৰহণ কৰিছে, আনহাতে কিছুমানে প্ৰথমবাৰলৈ ইয়াত অংশগ্ৰহণ কৰিছে।
৩২ নম্বৰ বিপণীখন দিল্লীৰ ৰঞ্জনা কুমাৰীৰ। ৰঞ্জনাই মধুবানী চিত্ৰশিল্পৰ নিৰ্মাণ কৰে আৰু প্ৰথমবাৰলৈ হুনাৰ হাটত তেওঁ যোগদান কৰিছে। এক বাৰ্তালাপত ৰঞ্জনাই কয় যে গুৱাহাটীৰ হুনাৰ হাট তেওঁ বিশেষ অভিজ্ঞতা লাভ কৰিছে আৰু তেওঁৰ চিত্ৰশিল্পবোৰ অধিক সংখ্যাত বিক্ৰী কৰা হৈছে। ৰঞ্জনাই মধুবানী চিত্ৰৰ অধীনত তান্ত্ৰিক, কোহবাৰ, ভৰনী, গোদানা আৰু কাচ্চনিৰ দৰে বিভিন্ন তৰংগৰ চিত্ৰশিল্প নিৰ্মাণৰ কাম কৰে।
৮৭ নম্বৰ বিপণীখন ঝাৰখণ্ডৰ অহল্যা দেৱীৰ। অহল্যা দেৱীয়ে তেওঁৰ সৰু গাওঁখনৰ পথাৰত দৈনিক ১০০ টকা বেতনত কাম কৰিছিল। গুৱাহাটীৰ হুনাৰ হাটত, তেওঁ নিজৰ ভগ্নী সংগীতা দেৱীৰ সৈতে বেত আৰু বাঁহৰ পৰা দৈনন্দিন প্ৰয়োজনীয়তা আৰু সজ্জাৰ সামগ্ৰী বিক্ৰী কৰিছে। বহু সংখ্যক লোকে অহল্যাৰ বিপণীৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে। অহল্যাই কয় যে গাওঁখনৰ পৰা ডাঙৰ চহৰলৈ যোৱাটো তেওঁৰ বাবে সপোনতুল্য আছিল, কিন্তু হুনাৰ হাটে বহুতো চহৰত তেওঁক বিপণী স্থাপন কৰিবলৈ দি তেওঁৰ সপোন বাস্তৱায়িত কৰি তুলিছে। প্ৰতিখন হুনাৰ হাটত লক্ষাধিক টকাৰ সামগ্ৰীৰ বিক্ৰীৰ কথা কোৱা অহল্যা দেৱী জীৱনৰ বৃহৎ পৰিৱৰ্তনৰ বাবে সুখী।
ফুড ক’ৰ্ট “মেৰা গাঁও মেৰা দেশ”ত ৩০ নম্বৰৰ বিপণীখন হ’ল মীনু জৈনৰ। চাট প্ৰস্তুত আৰু বিক্ৰেতা হিচাপে কাম কৰা মীনুৱে পূৰ্বে বহুকেইখন হুনাৰ হাটত অংশগ্ৰহণ কৰিছে। হুনাৰ হাটৰ পৰা হোৱা উপাৰ্জনৰ দ্বাৰা মীনুৱে তেওঁৰ পুত্ৰক লণ্ডনত উচ্চ শিক্ষা প্ৰদানৰ বাবে প্ৰেৰণ কৰিছে।
ঠিক একেদৰ একেই কাহিনী বিপণী নং ১২০-ৰ ৰেজিনা মেৰীৰ। পণ্ডিচেৰীৰ পৰা গুৱাহাটীলৈ অহা ৰেজিনা মেৰীৰ স্বামীয়ে ক’ভিডৰ বাবে তেওঁৰ কাম নোহোৱা হৈ পৰিছিল। ঘৰ চলাবলৈ আৰু তিনিটা সন্তানৰ শিক্ষা অব্যাহত ৰখাটো কঠিন হৈ পৰিছিল ৷ সেই সময়তে হুনাৰ হাটে ৰেজিনাক এখন বিপণী দিছিল আৰু তেওঁ এতিয়া বহুত সুখী। হুনাৰ হাটত কৃত্ৰিম গহনা বিক্ৰী কৰি ৰেজিনা এতিয়া অতিশয় সুখী।
গুৱাহাটীৰ হুনাৰ হাট এনে অলেখ কাহিনীৰে ভৰা। হুনাৰ হাটে মহিলা শিল্পী, শিল্পকাৰ আৰু কাৰিকৰসকলৰ সপোনৰ ডেউকা তুলি ধৰাৰ কাম কৰি আছে। ই তেওঁলোকক আগুৱাই নিয়া আৰু তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাত এক বৃহৎ আৰু কাৰ্যকৰী ভূমিকা পালন কৰিছে। গুৱাহাটী হুনাৰ হাটত উপস্থিত থকা সকলো মহিলাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নাকভিক তেওঁলোকৰ দক্ষতা প্ৰদৰ্শনৰ সুযোগ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

Comments (0)
Add Comment