মহিলা সবলীকৰণ আৰু স্বাৱলম্বীতাৰ অন্য এক যাত্ৰা

মহিলা সবলীকৰণ আৰু স্বাৱলম্বীতাৰ অন্য এক  যাত্ৰা
IMG-20170829-WA0010
মহিলা সবলীকৰণ আৰু মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ উদ্যোগ বিভাগে হাতত লৈছে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণপ্ৰাপ্ত মহিলাক সংস্থাপন দিয়াৰ বাবে এতিয়া আগবাঢ়ি আহিব ৰাজ্য চৰকাৰ। এই বছৰৰ ভিতৰতে ৰাজধানী চহৰ গুৱাহাটীৰ বামুনীমৈদামত মহিলাৰ বাবে সংৰক্ষিত এটা চাৰিমহলীয়া বাণিজ্যিক কেন্দ্ৰ মুকলি কৰিব ৰাজ্যৰ উদ্যোগ বিভাগে। ইফালে, প্ৰায় নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হোৱা আমবাৰীৰ অত্যাধুনিক অট্টালিকাত থলুৱা উদ্যোগিক সামগ্ৰীৰ বিক্ৰী তথা প্ৰদৰ্শনী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব। মহিলাক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে চলিত বৰ্ষৰ অহা ১৫ অক্টোবৰৰ ভিতৰতে ৰাজ্যৰ প্ৰতিটো ব্লকত অনুষ্ঠিত কৰিব বৃত্তিমূলক প্ৰশিক্ষণ, য’ত চৰকাৰে যোগান ধৰিব পৰ্যাপ্ত আৰ্থিক অনুদান।
IMG-20170829-WA0012
ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে এইবাৰ মহিলাৰ সহযোগিতা বিচাৰি উন্নয়নমূলক তথ্য দাঙি ধৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে। গুৱাহাটীৰ লালমাটিৰ ভাৰতীয় উদ্যমীতা প্ৰতিষ্ঠানত যোৱা তিনিমাহ ধৰি অনুষ্ঠিত হোৱা বৃত্তিমূলক প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে নানা আঁচনিৰ কথা। অনুষ্ঠানখনত মহিলাৰ বাবে এনে প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে কয়, মহিলাৰ বাবে প্ৰস্তুত কৰা প্ৰতিটো আঁচনি ৰূপায়ন কৰক, পইচা চৰকাৰে দিব।
IMG-20170829-WA0011
উল্লেখযোগ্য যে এই প্ৰশিক্ষণ অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰে সামৰি মুঠ ৫০ গৰাকী উদ্যমী মহিলাই অংশ লয়। প্ৰশিক্ষণৰ অন্তত তিনিদিনীয়াকৈ আই আই ইৰ বাকৰিত অনুষ্ঠিত হৈছে থলুৱা সামগ্ৰীৰে নিৰ্মান কৰি উলিওৱা প্ৰতিবিধ বস্তুৰ প্ৰদৰ্শনী তথা বিক্ৰী কেন্দ্ৰ। আজিৰ এই সামৰণি অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, আই আই ইৰ সঞ্চালক মনোজ দাসকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি তথা চৰকাৰী প্ৰতিনিধি।
দীপাংকৰ দাস
বেলতলা
Comments (1)
Add Comment
  • Lina Baruah

    Excellent job . I am also interested to training .