মাজুলীত একেদিনাই চাৰিটা মুৰংঘৰ নিৰ্মাণ আঁচনিৰ শুভ উদ্বোধন

মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ৩০ নং চাংগা মাজুলী সমষ্টিৰ লুইতপৰীয়া গাঁওপঞ্চায়তৰ অন্তৰ্গত মধ্য লাচন চাপৰি আৰু লাচন শিঙিমাৰী আৰু ৰতনপুৰ মিৰি তথা গেজেৰা গাঁওপঞ্চায়তৰ অন্তৰ্গত ৰতনপুৰ মিৰি আৰু নামনি গেজেৰাত
চাৰিখনকৈ মুৰংঘৰ নিৰ্মাণৰ কাম মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ সদস্য নিলকান্ত দলে শুভ উদ্বোধন কৰে৷ ২০২২-২৩ বৰ্ষৰ মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ জনকল্যাণকামী আঁচনিৰ অধীনৰ মুৰংঘৰসমূহৰ নিৰ্মাণৰ উপৰিও কেবাটাও আঁচনি যেনে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ ছাত্ৰাবাসৰ ৱাল পুনৰ মেৰামতি আঁচনি আদিৰ পদক্ষেপ হাতত লোৱা হৈছে৷
উল্লেখযোগ্য যে ৩০ নং চাংগা মাজুলী সমষ্টিৰ প্ৰতিটো গাঁৱত পূৰ্বেও বহুতো জনকল্যাণকামী আঁচনি ৰূপায়ণ কৰি সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ হাতত লোৱা কাৰ্যক ৩০ নং চাংগা মাজুলীৰ সমষ্টিৰ জনতাই নিলকান্ত দলেক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছে৷

উক্ত মুৰংঘৰ উন্মোচনী কাৰ্যসূচীত সহযোগিতা আগবঢ়াই সন্মিলিত শ্ৰমিক শক্তি, কেন্দ্ৰ শক্তিৰ উপ-সভাপতি ভাস্কৰ পেগু,মিচিং স্বায়ত্বশাসিত পৰিষদৰ কনিষ্ঠ অভিযন্তা অশ্বিনী মিছং,মাজুলী জিলা টিএমপিকেৰ সভাপতি টুটু পাংগীং , লুইতপৰীয়া গাঁওপঞ্চায়তৰ আঞ্চলিক সদস্য প্ৰবীন মিলি, লুইতপৰীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দিপাংকৰ টায়ে, লুইতপৰীয়া আঞ্চলিক , গেজেৰা আঞ্চলিক আৰু ৰতনপুৰমিৰি আঞ্চলিক টিএমপিকে, এমএমকেৰ সতীৰ্থসকলৰ উপৰিও গাঁও উন্নয়ন সমিতি, যুৱক সংঘ, মহিলা সমিতি, গাঁৱৰ জ্যেষ্ঠ নাগৰিক সকলেও সহযোগ কৰে৷
বাতৰি যুগুতালে মাজুলীৰ প্ৰাঞ্জল গাৰে৷

Comments (0)
Add Comment