বিগত বৰ্ষৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫, ৬, ৭ আৰু ৮মাৰ্চত অনুষ্ঠিত হ’ব মিচিং যুৱ মহোৎসৱ।
মাজুলীত অনুষ্ঠিত হ’ব লগা এই মহোৎসৱখনত পৰম্পৰাগত ক্ৰীড়া,লোক নৃত্য, হস্ত তাঁত বস্ত্ৰ মেলা,কবি সন্মিলন, আলোচনা চক্ৰৰ লগতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ’ব।
সামৰণি অনুষ্ঠানত উষা মংগেশকাৰ উপস্থিত থাকি সংগীত পৰিবেশন কৰিব । মাজুলী জেংৰাইমুখৰ কুমাৰবাৰীত অনুষ্ঠিত হ’ব লগা এই মহোৎসৱখনত লাখৰো অধিক ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তাসকলে মত প্ৰকাশ কৰিছে।
মাজুলীত চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব মিচিং যুৱ মহোৎসৱ
