মাজুলীত বিৰোধী প্ৰাৰ্থী চিত্ৰৰঞ্জন বসুমতাৰীৰ মনোনয়ন দাখিল

আজি মাজুলীত মনোনয়ন দিলে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী। মনোনয়ন দাখিলৰ সময়ত সংগ দিয়ে লুৰিণজ্যোতি গগৈ, ভূপেন বৰা, ভাস্কো ডি শইকীয়াই।মাজুলীৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে বসুমতাৰীয়ে।কালিৰ দিনটোত মনোনয়ন দিছিল বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে।অহা ৭ মাৰ্চত মাজুলীত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। ১০ মাৰ্চত ঘোষণা হ’ব নিৰ্বাচনৰ ফলাফল।মনোনয়ন দাখিলৰ সময়ত চিত্তৰঞ্জন বসুমতাৰীয়ে কয়, মই বলিৰ পঠা নহয়, মই এজন যুঁজাৰুহে। সেই কাৰণে মোক প্ৰাৰ্থিত্ব দিছে। মাজুলীত উপ-নিৰ্বাচনত তীব্ৰ প্ৰতিদন্দিতা হোৱাৰ কথা ক’লে চিত্তৰঞ্জন বসুমতাৰীয়ে।মনোনয়ন পত্ৰ দাখিল কৰি বিজেপি প্ৰাৰ্থী ভুৱন গামক আক্ৰমণ চিত্তৰঞ্জন বসুমতাৰীৰ।

Comments (0)
Add Comment