মাতৃভাষা দিৱস উদযাপন

মাতৃভাষা দিৱস উদযাপন

১৯৭২ চনৰ মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মোজাম্মিল হকৰ মৃত্যুৰ দিন ৬ অক্টোবৰ দিনটো অসম সাহিত্য সভাই ʼমাতৃভাষা দিৱসʼ হিচাপে মঙলদৈত উদযাপন কৰে।দৰং জিলা সাহিত্য সভা আৰু শ্বহীদ মোজাম্মিল হক স্মৃতি ৰক্ষা সমিতিৰ যুটীয়া উদ্যোগত বেগা নৈৰ পাৰত অৱস্থিত শ্বহীদ মোজাম্মিল হকৰ স্মৃতিসৌধৰ বাকৰিৰ সন্মুখৰ ইউথ ক্লাবত কাৰ্যসূচী ৰূপায়ন কৰে।
পুৱা ৮ -৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে। ৯-০০ বজাত শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ পতাকা উত্তোলন কৰে শ্বহীদ মোজাম্মিল হক স্মৃতিৰক্ষা সমিতিৰ সভাপতি মুকুল চন্দ্ৰ ডেকাই। ১০ বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক, উপ-সভাপতি তথা প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ তাছা সভাপতিত্বত অনুষ্ঠিত সাধাৰণ সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি অধ্যাপক ইদ্ৰিছ আলিয়ে ।
তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় অধ্যাপক ড° চন্দন কুমাৰ শৰ্মাই মুখ্য অতিথি হিচাপে উপস্থিত থকা সভাখনত স্মাৰক পুস্তিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। সভাত নিৰ্দিষ্ট বক্তা হিচাপে লেখক, চিন্তাবিদ ময়ুৰ বৰা, সন্মানীয় অতিথি হিচাপে ক্ৰমে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী মঙলদৈ বিধান সভা সমষ্টিৰ বিধায়ক বসন্ত দাস,কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক দুৰ্গাদাস বড়ো উপস্থিত থাকে।

Comments (0)
Add Comment