মানৱ সেৱাৰ আন এটা নাম অসামৰিক সেৱা

মানৱ সেৱাৰ আন এটা নাম অসামৰিক সেৱা

IMG-20170421-WA0020

আমি যি ঠাইতে কাম কৰো, সেই ঠাইখন আমাৰ পূণ্যভূমি। সেয়েহে আমি নিষ্ঠাৰে সকলো কাম সমাপন কৰিবলৈ প্ৰতিশ্ৰতিবদ্ধ হ’ব লাগে। বাপুজী য়ে কৈছিল ভাল কাম যুগে যুগে অমৰ হৈ থাকে। সেয়েহে আমি ইতিবাচক চিন্তাৰে ভাল কামৰ প্ৰতি অগ্ৰসৰ হ’লেহে উন্নয়ন সম্ভৱপৰ হয়। সংঘাতে আমাক দুৰ্বল কৰে, একতাই সবল কৰি তোলে। সেয়েহে আমি সকলোৱে একতাৰে আগবাঢ়িব লাগে। এই মন্তব্য মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উল্লেখযোগ্য অসামৰিক সেৱা দিবস উপলক্ষ্যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী গৰাকীয়ে এনে দৰে কয়। অসামৰিক সেৱাৰ সেৱক বুলিলে সকলো চৰকাৰী চাকৰিয়ালক বুজায়। সেয়েহে বিভিন্ন ক্ষেত্ৰত বিশেষ ভাবে উৎকষ্টতাত দেখুৱা সকলক অসামৰিক সেৱা দিৱসত সম্বৰ্দ্ধনা জনোৱা হয়। স্মৰ্তব্য যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়।

IMG-20170421-WA0021

Comments (0)
Add Comment