মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি

দক্ষিণ কামৰূপৰ মিৰ্জাত ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ এখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। উক্ত পাৰ্লাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ জনপ্ৰিয় অভিনেতা, পৰিচালক, গীতিকাৰ মি° ৰাজকুমাৰে। মুকলি কৰি ৰাজকুমাৰে দুই উদ্যোমী মহিলাক শুভেচ্ছা জনোৱাৰ লগতে এনে প্ৰচেষ্টাক শলাগ লয় আৰু সকলোকে অত্যাধুনিক ইউনিয়ন পাৰ্লাৰ খনলৈ আহি ৰূপ সৌন্দৰ্য কৰিবলৈ আহ্বান জনায়। পাৰ্লাৰখনৰ স্বত্বাধিকাৰী ৰূপজ্যোতি দাস আৰু নৱনিতা দাসে মহিলা সকলৰ ৰূপ সজ্জাৰ ক্ষেত্ৰত অত্যাধুনিক সুবিধাৰে ভৰপুৰ তথা সকলোৰে বাবে গ্ৰহণযোগ্য মাচুলৰে পাৰ্লাৰখনত ৰূপ সৌন্দৰ্যৰ কাম কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। মুকলি অনুষ্ঠানত অঞ্চলটোৰ বহু কেইজনমান বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Comments (0)
Add Comment