মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপ-এছ আই কেলেংকাৰীৰ অভিযুক্তক গ্ৰেপ্তাৰ

মুখ্য মন্ত্রী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশত অৱশেষত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক যোৱা কালি গ্ৰেপ্তাৰ কৰাৰ পিছত আজি ন্যালালয়ত হাজিৰ কৰোৱা হয়। সঞ্জীত কৃষ্ণই চৰকাৰী বাসভাৱনৰ পৰাই উপ পৰিদৰ্শক পদৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰিছিল।
যোৱা ১৮ ছেপ্টেম্বৰত সঞ্জীত কৃষ্ণই তেওঁৰ চৰকাৰী বাসভৱনতেই ৪০ লাখ টকাৰ বিনিময়ত প্ৰশ্ন কাকতৰ ছীল খুলি ৰুবুল হাজৰিকা নামৰ লোক এজনক প্রশ্নকাকত যোগান ধৰিছিল। উল্লেখযোগ্য যে ১০ অক্টোবৰত চি আই ডি এ তেওঁৰ দুটাকৈ মোবাইল জব্দ কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ কাঢ়া নিৰ্দেশনাত ১১ অক্টোবৰ ৰবিবাৰে বন্ধৰ দিন হোৱা সত্বেও সঞ্জীতক কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ পদৰ পৰা অপসাৰণ কৰে।
 
আনহাতে  এসময়ৰ ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৈ থকা অৱস্থাত সময়তোও ধনদাবী আদি বিভিন্ন কেলেংকাৰীৰ বাবে পলাতক হৈ পুনৰ বাৰম্বাৰ কেলেংকাৰীত জড়িত হৈ থকা বৰ্তমানৰ কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ( সীমান্ত ),প্ৰশান্ত দত্ত ( জুনিয়ৰ ) নামৰ আৰক্ষী বিষয়া জনৰ ওপৰত এক শাস্তিমূলক স্থায়ী ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি সচেতন মহলে দাবী জনায়।
 
ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ ভাতৃ সঞ্জীত কৃষ্ণ প্রশ্ন কাকত ফাদিল কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হোৱাৰ পিছত অহা ৩০ অক্টোবৰত অৱসৰৰ গ্ৰহণ কৰিব লগা মুখ্য সচিব জনে নিজৰ চাকৰিৰ extention ৰ পিছত দৌৰিবলৈ এৰি পদত্যাগ কৰা উচিত বুলি সচেতন মহলে মন্তব্য কৰিছে।

Comments (0)
Add Comment