মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আজমলে আগবঢ়াইছে ১০লাখ টকা

মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ আজমলে আগবঢ়াইছে ১০লাখ টকা

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সাহাৰ্য পুঁজিলৈ উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম স্বেচ্ছাসেৱী সংস্থা হোজাইৰ আজমল ফাউণ্ডেচনে অলপতে ১০ লাখ টকাৰ বৰঙণি আগবঢ়ায় ৷ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ আজমল ফাউণ্ডেচনৰ প্ৰৱন্ধক ড৹ এম আৰ এইচ আজাদ আৰু আজমল গ্ৰুপ অৱ কলেজৰ ডাইৰেক্টৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল চামিৰ কাঞ্জিলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত চেক খন তুলি দিয়ে৷
 
 
 
আজমল ফাউণ্ডেচনৰ এনে প্ৰশংসনীয় পদক্ষেপৰ শলাগ লৈ ৰাইজে আজমল ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু ছিৰাজুদ্দিন আজমলৰ লগতে আজমল ফাউণ্ডেচনক ধন্যবাদ জনায় ৷ উল্লেখ্য যে, আজমল ফাউণ্ডেচনে কেৱল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ লগতে সময়ে সময়ে সমগ্ৰ দেশতে বিভিন্ন দুৰ্যোগৰ সময়ত ৰাইজৰ কাষত থিয় দি সহায়ৰ হাত আগবঢ়াই আহিছে ৷

Comments (0)
Add Comment