মৰিগাঁৱৰ পছলাঘাট প্ৰাথমিক বিদ্যালয়ৰ প্ৰশংসনীয় পদক্ষেপ

মৰিগাঁও জিলা মায়ং শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়ে গ্ৰহণ কৰিছে এক প্ৰশংসনীয় পদক্ষেপ। মৰিগাঁও জিলাত যোৱা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ থকা গুণোৎসৱৰ কালি গুণোৎসৱৰ তৃতীয় দিনটোত জিলাখনৰ মায়ং শিক্ষা খণ্ডৰ পছলাঘাট প্ৰাথমিক বিদ্যালয়ত নৱনিৰ্মিত পুথিভঁৰালটো উন্মোচন কৰে বহিঃ মূল্যায়নকাৰী বিষয়া হেমন্ত দৈমাৰীয়ে। জিলাখনৰ অতিকৈ পিছপৰা বানাক্ৰান্ত অঞ্চল হিচাপে পৰিচিত পছলাঘাট প্ৰাথমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ লগতে ছাত্রছাত্ৰী সকলক গুণগত শিক্ষাৰে শিক্ষিত কৰি তুলিবলৈ প্ৰধান শিক্ষয়িত্ৰী ৰীতিময়ী মহন্তৰ নেতৃত্বত বিদ্যালয়খনৰ সহশিক্ষক শিক্ষয়িত্ৰীসকলে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।

যাৰবাবে দুৰ্গম এলেকাৰ বিদ্যালয়খনে বিগত গুনোৎসৱত এ+ পাবলৈ সক্ষম হৈছিল আৰু এনে স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে প্ৰদান কৰা ২৫ হাজাৰ টকাৰে নিৰ্মাণ কৰি উলিয়াই “জ্ঞানম” নামেৰে এটি পুথিভৰাঁল।বিদ্যালয়খনৰ নৱনিৰ্মিত পুথিভঁৰালটো মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক নাহৰীন চুলতানা, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, পৰিচালনা সমিতি আৰু অভিভাৱক সকলৰ উপস্থিতিত গুণোৎসৱৰ বহিঃ মূল্যায়নকাৰী বিষয়া দিগন্ত দৈমাৰীয়ে উদ্বোধন কৰি বিদ্যালয়খনৰ প্ৰচেষ্টাক শলাগ লয়৷

Comments (0)
Add Comment