মৰিগাঁৱৰ বৰচিলাত অসমীয়া ভাষাৰ শুদ্ধ বানান লিখা পদ্ধতি আৰু আখৰ জোঁটনিৰ এদিনীয়া কৰ্মশালা

মৰিগাঁৱৰ বৰচিলা কনপাই বৰদলৈ চিনিয়ৰ বিদ্যালয়ত আজি অনুষ্ঠিত হয় অসমীয়া ভাষাৰ শুদ্ধ বানান লিখা পদ্ধতি আৰু আখৰ জোঁটনি বিষয়ৰ এটি এদিনীয়া কৰ্মশালা।মৰিগাঁও জিলা সাহিত্য সভা আৰু বিদ্যালয় খনিৰ উদ্যোগত অনুষ্ঠিত
কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যভাষা প্ৰয়োগ উপ সমিতিৰ কাৰ্যকৰী সভাপতি জয়ন্ত মাধৱ বৰা।

সাহিত্য অকাডেমি বঁটা প্ৰাপক বৰাই অসমীয়া ভাষাৰ শুদ্ধ বানান লিখা পদ্ধতি আৰু আখৰ জোঁটনি বিষয়ৰ ওপৰত বক্তব্য ৰাখি কয়-আমাৰ অসমীয়া মানুহেই অসমীয়া ভাষা শুদ্ধকৈ ক’ব নেজানে আৰু লিখিবও নেজানে। ভাষা এটা জীয়াই থাকে শুদ্ধকৈ চৰ্চা কৰাৰ ওপৰত। ভাষা হীন এটা জাতি জীয়াই থাকিব নোৱাৰে। আটাইতকৈ পুৰণি ভাষা সংস্কৃত। সংস্কৃত ভাষাৰ পৰাই আটাইবোৰ ভাষাৰ সৃষ্টি হৈছে। কিন্তু সংস্কৃত ভাষা বৰ্তমান কেইজনে চৰ্চা কৰে।মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেন্দ্ৰ বৰাই উদ্বোধন কৰা কৰ্মশালাখনিত বিশিষ্ট সাহিত্যিক বৰাই আৰু কয়-আমি আমাৰ ভাষাটো নিজেই হত্যা কৰিছো। বৰ্তমান বৈদ্যুতিক প্ৰচাৰ মাধ্যমৰ চেনেলবোৰে অসমীয়া ভাষাৰ শ্ৰদ্ধ কৰিছে।যিবোৰ আমাৰ প্ৰজন্মৰ বাবে অত্যন্ত ক্ষতিকাৰক।তিনি শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনিত সাহিত্যিক বৰাই আমি তিনিগৰাকী মাতৃ ক্ৰমে জন্মদাতৃ, মাতৃভূমি আৰু ভাষা জননীক শ্ৰদ্ধা কৰিব লাগিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ আৰু কয় যে আজিৰ লৰাছোৱালী আইতাক-ককাকৰ সাধু শুনি ডাঙৰ হোৱা নাই, আজি লৰা-ছোৱালী ম’বাইল ফোন টিপি টিপি ডাঙৰ হৈছে। গতিকে আমাৰ ভাষাটো ক’ত থাকিব অতিকে চিন্তাৰ বিষয়। বৰচিলাৰ বিশিষ্ট সাহিত্যসেৱী ৰমেশ বৰদলৈয়ে আদৰণি ভাষন আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ড° অচুত দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড° অংশুমান দাস, মহেন্দ্ৰ নাথ হাজৰিকা,সাংবাদিক ৰাহুল দেৱ বৰদলৈ,সহিত্যিক নুৰ মহম্মদ, কবি নৱ ৰাজন, সমাজকৰ্মী অনন্ত দাস,প্ৰফুল্ল বৰদলৈকে ধৰি ৩ শতাধিক ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰে। কৰ্মশালাখনিৰ সামৰণিৰ সময়তে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাষিশ শৰ্মা উপস্থিত হৈ অংশগ্ৰহণ কাৰী ছাত্র-ছাত্রী সকলৰ লগত অন্তৰংগ মত বিনিময় কৰে আৰু সুধাকণ্ঠ ভূপেন হাজৰিকাৰ কালজয়ী মানুহে মানুহৰ বাবে গীতটো গাই সকলোকে উল্লাসিত কৰে।অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভা আৰু কনপাই বৰদলৈ চিনিয়ৰ মাধ্যমিক বিদ্যালয়ৰ মাজত এখন বৌদ্ধিক চুক্তিৰো স্বাক্ষৰ হয়।

Comments (0)
Add Comment