যমুনাপৰীয়া শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

যমুনাপৰীয়া শাখা সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন সম্পন্ন

হোজাই জিলা সাহিত্য সভাৰ অন্তৰ্গত এক সক্ৰিয় শাখা যমুনাপৰীয়া শাখা সাহিত্য সভা (স্বৰ্ণ শাখা)ৰ প্ৰথম বাৰ্ষিক অধিৱেশন কালি অনুষ্ঠিত হৈ যায়৷মোৰাঝাৰৰ বৰহাওৰস্থিত ইউনিভাৰচেল একাডেমিৰ পেক্ষাগৃহত এই উপলক্ষে অনুষ্ঠিত এক মুকলি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লোৱা হয়৷শাখাৰ সভাপতি ছাবিৰ আহমেদে সভাপতিত্ব কৰা সভাত সাহিত্য -সংস্কৃতি আৰু ছাত্ৰ- ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে শাখাই পদক্ষেপ লোৱা বুলি শাখাৰ সম্পাদক ছাদিকুজ জামানে দাঙি দৰে৷লগতে তেওঁ কয় সাংগঠনিক কাম কাজ তীব্ৰ গতিত চলিছে,যাৰ ফলস্বৰূপে অচিৰে যমুনাপৰীয়া শাখা সাহিত্য সভাই শতদল শাখাৰ সন্মান কঢ়িয়াই আনিব ৷সভাত সম্পাদকে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰাৰ অন্তত সৰ্ব সন্মতি সাপেক্ষে সভাই অনুমোদন জনায়৷উল্লেখযোগ্য যে সভাত মুখ্য অতিথি হিচাপে ইউনিভাৰচেল একাডেমিৰ অধ্যক্ষ আব্দুছ ছালাম উপস্থিত থাকি অসম সাহিত্য সভাৰ কাম কাজক ভূয়সী প্ৰসংসা কৰি এক তত্ত্বগধুৰ বক্তব্য প্ৰদান কৰে৷সভাত চিতলমাৰী হাইস্কুলৰ শিক্ষক আহমদুল ইছলাম চৌধুৰী ,হাতীশালী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক জাকিৰ হুছেইন বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়ায়৷
ইপিনে অধিৱেশনৰ লগতে সংগতি ৰাখি অনুষ্ঠিত কবিতা পাঠ অনুষ্ঠানত কবি মোজাম্মিল আলী,মিচবাহ উদ্দিন,আহমদুল ইছলাম,নুৰ আহমেদ,মুজিবুৰ ৰহমান,ছাদিকুজ জামানকে ধৰি কেইবাজনো কবিয়ে কবিতা পাঠ কৰি জীপাল কৰি তোলে ৷ইপিনে যমুনাপৰীয়া শাখা সাহিত্য সভাই সফলতাৰে এটা বৰ্ষ পূৰ্ণ হোৱাত হোজাই জিলা সাহিত্য সভাৰ সম্পাদক অনুপ কুমাৰ বৰঠাকুৰে অভিনন্দন জনায়৷

Comments (0)
Add Comment