যশস্বী শিশু সাহিত্যিক তথা বিজ্ঞানী শান্তনু তামুলীলৈ যোৰহাট ৰত্ন বঁটা

যশস্বী শিশু সাহিত্যিক তথা বিজ্ঞানী শান্তনু তামুলীলৈ যোৰহাট ৰত্ন বঁটা

যশস্বী শিশু সাহিত্যিক তথা বিজ্ঞানী শান্তনু তামুলীলৈ যোৰহাট ৰত্ন বঁটা আগবঢ়োৱা হৈছে। উল্লেখ্য যে,শান্তনু তামুলী তেওঁৰ ছদ্ম নাম। প্ৰকৃত নাম ড° প্ৰমোদ চন্দ্ৰ তামুলী। জনপ্ৰিয় কিশোৰ আলোচনী মৌচাকৰ সম্পাদকজন তেওঁৰ ছদ্মনামেৰেহে সকলোৰে পৰিচিত।তেওঁ কেতিয়াবা ‘কৃষাণু’ ছদ্মনামেৰেও লিখিছিল।যোৰহাটস্থ ‘নেইষ্ট’(North East Institute of Science and Technology ) অৰ্থাৎ এসময়ৰ আৰ আৰ এল (RRL)R অৱসৰী বিজ্ঞানী ড° প্ৰমোদ চন্দ্ৰ তামুলীক বিজ্ঞান আৰু সাহিত্য উভয় দিশতে সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এই বঁটাৰ বাবে মনোনীত কৰা হৈছে।

Comments (0)
Add Comment