ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাইজক সহায়ৰ অৰ্থে এক বিশেষ পদক্ষেপ লৈছে।এতিয়াৰে পৰা সাধাৰণ জনতাই তেওঁৰ বিভাগত হৈ থকা যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ হোৱাটচএপৰ জৰিয়তে মন্ত্ৰীগৰাকীক জনাব পাৰিব।উল্লেখযোগ্য যে,ছ’চিয়েল মিডিয়াৰ জৰিয়তে, +৯১৯৩৯৪৯৩৯০৫৫ নম্বৰত হোৱাটচএপ কৰি দুৰ্নীতিৰ যিকোনো অভিযোগ তথা পৰামৰ্শ দিবলৈ মন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায়।তেওঁলৈ পঠোৱা প্ৰতিটো মেছেজ নিজেই নিৰীক্ষণ কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
যিকোনো ধৰণৰ দুৰ্নীতিৰ বিৰুদ্ধে পোনপটীয়াকৈ দিয়ক অভিযোগ,হোৱাটচএপ নম্বৰ মুকলি
