যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়ঃ যুৱমৰ্চাক প্ৰশংসা

যুৱমৰ্চাৰ ভাৰ্চুৱেল কনফাৰেন্সত মুখ্যমন্ত্ৰীৰে মত বিনিময়ঃ যুৱমৰ্চাক প্ৰশংসা

ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশ ৰাজ্যিক কমিটিৰ সমূহ বিষয়ববীয়াৰ লগত জিলাৰ সভাপতিসকলৰ এক ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত হয় ৷ কনফাৰেন্সখনত যুৱ কাৰ্য কৰ্তাসকলৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷
 
 
এন ডি এ নেতৃত্বাধীন চৰকাৰখনে বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছু পদক্ষেপ হাতত লৈছে বুলি তেখেতে মন্তব্য কৰে৷ লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে সেয়েহে নৰ্থ ইষ্ট ওৱাটাৰ মেনেজমেণ্ট অথ’ৰেটি গঠন কৰিছে৷
 
 
ইয়াৰ উপৰিও প্ৰায় ৫০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰিসমূহৰ ওপৰত বিশেষ পদ্ধতিৰে পথ নিৰ্মাণৰ বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত মিলিত হোৱাৰ কথা জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে ক’ভিড ১৯ ৰ ভয়াবহ পৰিস্থিতিৰ সময়তো যুৱমৰ্চাৰ প্ৰায় ৫ সহস্ৰাধিক ভলণ্টিয়াৰে ৰাইজৰ লগতে জিলা প্ৰশাসনক সহায় কৰাৰ কথা জানিবলৈ দিয়ে ৷এটাৰ পাছত আন এটা সমস্যাৰে জৰ্জৰিত হোৱা ৰাজ্যখনত বিপদৰ এই মূহুৰ্তত যুৱমৰ্চাই ৰাইজৰ কাষত থাকি সেৱা আগবঢ়োৱা কাৰ্য্যক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে৷

Comments (0)
Add Comment