যুৱ অলিম্পিকৰ বঁটা প্ৰাপকক ঢকুৱাখনাত সম্বৰ্ধনা

ৰাজ্যখনৰ গ্ৰামাঞ্চলীয় সুপ্ত ক্ৰীড়া প্ৰতিভা সমূহ জনদৃষ্টিলৈ উলিয়াই আনি এখন সাৰ্বজনীন মঞ্চত উপবিষ্ট কৰাৰ লক্ষ্যৰে অনুষ্ঠিত হোৱা অসম যুৱ অলিম্পিক ২০২২ত শ্ৰেষ্ঠত্ব প্রদর্শন কৰিবলৈ সক্ষম হোৱা  কৃতিমান খেলুৱৈ সকলক অভিনন্দন জনোৱা হয়।  ঢকুৱাখনা মহকুমাৰ পৰা  লখিমপুৰ জিলা ক্ৰীড়া সন্থাৰহৈ প্ৰতিনিধিত্ব কৰি স্বপ্ৰতিভাৰে উদ্ভাসিত হোৱা  বঁটা প্ৰাপক সকলক শুক্ৰবাৰে সম্বৰ্ধনা জনোৱা হয়। ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ  উদ্যোগত ৰাজহুৱা খেল পথাৰ প্ৰাংগণত বিয়লি অনুষ্ঠিত হয় এই সম্বৰ্ধনা সভা।  জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি প্ৰদীপ চমুৱাৰ সভাপতিত্বত  অনুষ্ঠিত সম্বৰ্ধনা সভাত
উদ্দেশ্য ব্যাখ্যা কৰে সন্থাৰ সাধাৰণ সম্পাদক অচ্যুত চত্ৰধৰে ।  ক্ৰীড়া সন্থাৰ  বিষয়ববীয়া  কিৰণ বৰগোঁহাই , জ্যোতি প্ৰসাদ কোঁৱৰ , ধৰণী সূত , কবিন দাস , বিদ্যুৎ দত্ত ,সুনীল গগৈৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি
উপস্থিত থকা সভাত  টাইকোৱানডোত সোণৰ পদক প্ৰাপক  পলী গগৈ , স্বৰাজ পেগু , ট্ৰিনাক্সি হাজৰিকা ,
ছিলভাৰ পদক প্ৰাপক  মাজেদ আলি ,  বাইহাটি স্বৰ্গীয়াৰী , ব্ৰঞ্জৰ পদক প্ৰাপক ছোহাইল খান , ঈৰচাদ কুমাৰ হাজৰিকা আৰু ১৫০০ মিটাৰ দৌৰত সোণৰ আৰু ৮০০ মিটাৰ দৌৰত ব্ৰঞ্জৰ পদক প্ৰাপক  ইন্দিবৰ হাজৰিকাক ফুলাম গামোচাৰে  সম্বৰ্ধনা জনোৱা হয়।  জনাকীৰ্ণ সভাত একক আৰু নিৰন্তৰ প্ৰচেষ্টাৰ  জৰিয়তে এই ক্ৰীড়াক সাৰ্বজনীন কৰি খেলুৱৈ সকলৰ প্ৰতিভা প্ৰস্ফুটিত কৰিবলৈ  সক্ষম হোৱা  প্ৰশিক্ষক  কৃষ্ণ কান্ত গগৈ , মোচাৰফ পাৰভেজ,টিম মেনেজাৰ ধৰ্মেন্দ্ৰ কোঁৱৰ শিৰোমণি হাজৰিকাকো উষ্ণ সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা সভাত সন্থাৰ উপদেষ্টা উত্তম ফুকন ,উপ সভাপতি প্রিয় ফুকন, কিৰণ গগৈ , বসন্ত শইকীয়া আদিয়ে শুভেচ্ছামূলক আৰু পৰামৰ্শমূলক  বক্তব্য ৰাখে  । সভাত পদক প্ৰাপক সকলেও অভিজ্ঞতালব্ধ  বক্তব্য ৰাখে । উল্লেখ্য যে লখিমপুৰ জিলা  ক্ৰীড়া সন্থাৰ হৈ প্ৰতিনিধিত্ব কৰি টাইকোৱানডোত জ্ঞানদীপ ফুকন সহ মুঠ ৪গৰাকীয়ে সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱৰ ধজ্জা  কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment