টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা অসম কন্যা তথা গোলাঘাটৰ জীয়ৰী অৰ্জুন বঁটা প্ৰাপ্ত লাভলীনা বৰগোহাঁইৰ উন্নত প্ৰদৰ্শনৰ কামনাৰে আজি গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ বাহিৰত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচী গ্ৰহণ কৰা হয় । অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া আৰু জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল উপস্থিত আছিল । উল্লেখযোগ্য যে ভাৰতীয় বক্সাৰ লাভলীনাই অহা ২৭ জুলাইত জাৰ্মানীৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেল খেলত অৱতীৰ্ণ হ’ব।
লাভলীনাৰ সফলতাৰ কামনাৰে গোলাঘাটত বন্তি প্ৰজ্জ্বলন
