লেখক, চলচিত্ৰ কৰ্মী ভূৱন লহকৰক পৰাগজ্যোতি প্ৰকাশনৰ পৰা সম্বৰ্দ্ধনা

লেখক, চলচিত্ৰ কৰ্মী ভূৱন লহকৰক পৰাগজ্যোতি প্ৰকাশনৰ পৰা সম্বৰ্দ্ধনা

আজি বি বৰুবা মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, “প্ৰিয়জন,সন্ধ্যাৰাগ”,অনিৰ্বাণ” আদি চলচিত্ৰৰ কৰ্মী, বিশিষ্ট লেখক ভূৱন লহকৰক পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা নিজ বাসভৱন গুৱাহাটী মহানগৰৰ চান্দমাৰীস্থিত বাসভৱনত ফুলাম গামোছা, স্মাৰক, গ্ৰন্থৰে সম্বৰ্দ্ধনা জনায় । প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আত ধৰা সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক, ‘সাহিত্য কোৱৰ’ কমল কলিতাই কয়– “প্ৰচাৰ বিমুখ সাহিত্য সাধক, বিভিন্ন চলচিত্ৰৰ স’তে জড়িত আছিল ভূৱন লহকৰ । সমাজত একাংশ লোকে বৰ নিৰৱে কাম কৰি থাকে । তেখেত সকলে ৰজাঘৰীয়াৰ দৃষ্টিত নপৰে । নিৰৱ সাধক সকলক ৰজাঘৰীয়াই চিনি পুৰস্কৃত কৰিব লাগে । ভূৱন লহকৰে সম্বৰ্দ্ধনা লৈ পৰাগজ্যোতি প্ৰকাশনৰ প্ৰচেষ্টাৰ শলাগ লয়।

Comments (0)
Add Comment