বৰ্তমান সময়ত সকলো মানুহেই নিৰলসভাৱে ব্যস্ত থাকে সামাজিক মাধ্যম অৰ্থাৎ চ’চিয়েল মিডিয়াত। একাংশই আকৌ ঘণ্টাৰ পিছত ঘণ্টা ধৰি চ’চিয়েল মিডিয়াতেই সময়খিনি কটায়।
আগতে যেতিয়া মানুহৰ হাতত এতিয়াৰ দৰে এণ্ড্ৰয়ড ফোনৰ ব্যৱহাৰ কৰা নাছিল তেতিয়া সকলোৱে দৈনন্দিন এখনকৈ হ’লেও কিতাপ পঢ়িছিল। কিন্তু সাম্প্ৰতিক সময়ত সাধাৰণ মানুহ খিনিক কবিতা তথা সাহিত্যৰ নতুন নতুন সৃষ্টিৰাজিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ সমান্তৰালভাৱে সাহিত্যৰ সৃষ্টিৰাজি সমূহৰ মানদণ্ড অক্ষুন্ন ৰাখিবলৈ চ’চিয়েল মিডিয়াকে একমাত্ৰ লক্ষ্য কৰি লৈছে অসমৰ নবীন প্ৰবীণ বহুসংখ্যক কবি সাহিত্যিকে।আজিৰ পৰা আঢ়ৈ বছৰ পূৰ্বেই অসমৰ নবীন প্ৰবীণ বহুসংখ্যক কবি সাহিত্যিকৰ সমাহাৰত ঠন ধৰি উঠিছিল শব্দ শিল্প কাঁচিয়লি নামৰ এক ফেচবুক গোটে।
বিগত সময়ছোৱাত এই ফেচবুক গোটটোৱে অসমৰ সমূহ ৰাইজৰ মাজতে এক সমাদৰ লাভ কৰিছে। সেয়েহে আজি টীয়কৰ গোৱাল গাঁৱস্থিত টীয়ক জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত শব্দ শিল্প কাঁচিয়লি নামৰ কবিতা সংকলনখন অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচনৰ ব্যৱস্থা কৰা হয়।
মহামাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰে জাৰি কৰা সম্পূৰ্ণ নীতি আৰু নিৰ্দেশনা অৱলম্বন কৰি এই অনুষ্ঠান গোটৰ বন্তি প্ৰজ্জলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে সভাপতি দেৱজিত হাজৰিকাই। তাৰ পাছতেই টীয়ক জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° ধীৰেন কলিতাই কাব্য গ্ৰন্থখনি উন্মোচন কৰে।
উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ টীয়ক শাখাৰ সম্পাদক কবি বিমান শইকীয়া, উপসভাপতি অৰূপ হাজৰিকা,সহ সম্পাদক শিখা ভুঞা, মদন পাগবন্ধাকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে। এই কাব্য গ্ৰন্থখন টীয়ক অঞ্চলৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰলৈ প্ৰেৰণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিছে।
খবৰ যুগুতালে টীয়কৰ পৰা অমৃত দত্তই..
শব্দশিল্প কাঁচিয়লি শুভ উন্মোচন
