শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসী ৰাইজলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে মন্ত্ৰী অশোক সিংহলে।এক শুভেচ্ছা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গোৎসৱ হৈছে অন্যায়-অনীতিৰ বিৰুদ্ধে ন্যায় প্ৰতিষ্ঠা আৰু দুস্কৃতিৰ বিৰুদ্ধে সংস্কৃতিৰ বিজয়ৰ উৎসৱ। দুৰ্গতি নাশিনী দেৱী দুৰ্গাই আমাৰ সমাজৰ সকলো অসূয়া অমংগল দূৰ কৰি দেশত শান্তি-সমৃদ্ধি প্ৰতিষ্ঠা কৰক বুলি তেওঁ প্ৰাৰ্থনা জনায়। মা দুৰ্গাৰ আশীৰ্বাদত এই উছৱে আমাৰ সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অফুৰন্ত আনন্দেৰে উপচাই তুলিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।
শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা মন্ত্ৰী অশোক সিংহলৰ
