ৰাজ্যৰ শিক্ষা বিভাগে স্নাতক শাখাত অধ্যয়নৰত শিক্ষাৰ্থীক প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য্য। ইতিমধ্যে ৰাজ্যৰ ৬৭৫৩১গৰাকী স্নাতক শাখাত অধ্যয়নৰত শিক্ষাৰ্থীয়ে একাউণ্টৰ ১০০০টকাকৈ জৰিয়তে লাভ কৰিছে।
শিক্ষাৰ্থী সকলে পাঠ্যপুথি সমূহ যাতে অধ্যয়নৰ বাবে ক্রয় কৰিব পাৰে তাৰবাবে শিক্ষাবিভাগে এই ধনৰাশি প্ৰদান কৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইটাৰযোগে জনায় যে ৰাজ্যৰ দুইলাখ শিক্ষাৰ্থীক সামৰি প্রজ্ঞান ভাৰতী নামৰ আঁচনি খনৰ অধীনত স্নাতক শ্ৰেণীত অধ্যয়নৰত শিক্ষাৰ্থী সকলক এই ১০০০টকাৰ ধনৰাশি প্ৰদান কৰা হৈছে।
শিক্ষা বিভাগৰ অভিনৱ পদক্ষেপ-স্নাতকত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিছে আৰ্থিক সাহাৰ্য্য
