শিলচৰত মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰী পীযুষ হাজৰীকা

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি শিলচৰত ৰাজ্য চৰকাৰে মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আগবঢ়োৱা ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় ভাৱে গুৱাহাটীৰ পৰা এই বঁটা বিতৰণ কৰাৰ সমান্তৰালভাৱে শিলচৰত মন্ত্ৰী হাজৰীকাই কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰপ্ৰাপ্ত ছাত্ৰক সামৰি সৰ্বমুঠ ২৯৩৪ গৰাকী শিক্ষাৰ্থীলৈ আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰে।উল্লেখ্য যে, কাছাৰ জিলাৰ ১২৩১ গৰাকী, কৰিমগঞ্জ জিলাৰ ১২৪৯ গৰাকী আৰু হাইলাকান্দি জিলাৰ ৪৫৪ গৰাকী শিক্ষাৰ্থীয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

বঁটাপ্ৰাপ্ত শিক্ষাৰ্থীসকল তেওঁলোকৰ কনিষ্ঠসকলৰ বাবে এক প্ৰকাৰে প্ৰেৰণা হৈ পৰা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই অহা বৰ্ষত এই বঁটা লাভ কৰা শিক্ষাৰ্থীৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে এই বৰ্ষত ৰাজ্যখনৰ ৩৫৭৭০ গৰাকী শিক্ষাৰ্থীয়ে ড° বাণীকান্ত কাকতি মেধা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।আনহাতে আজিৰ অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে বঁটা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক চালকৰ অনুজ্ঞাপত্ৰ লোৱা, হেলমেট পৰিধান আদি সম্পূৰ্ণ নীতি-নিয়ম মানি স্কুটাৰ চলাবলৈ আহ্বান জনায়।

Comments (0)
Add Comment