শিল্পী জুবিন গাৰ্গে আগবঢ়ালে আৰ্থিক সাহাৰ্য্য

ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ দেশতে লক ডাউন অব্যাহত আছে ।অসমতো ক’ৰণাৰ বাবে সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
 
 
অসমত ক’ৰণা ৰোগৰ চিকিৎসালয় স্থাপনৰ কথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতেই ৰাজনৈতিক নেতা ,শিল্পী,খেলুৱৈয়ে সহায়ৰ হাত আগবঢ়াইছে।
 
 
এইবাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়াইছে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব শিল্পী জুবিন গাৰ্গে।আজি শিল্পী গৰাকীয়ে মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ ১লাখ টকা সাহাৰ্য্য আগবঢ়ায়।লগতে সমূহ অসমবাসীক সজাগ, সচেতন হৈ চৰকাৰী নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনায়।স্মতৰ্ব্য যে সম্প্ৰতি শিল্পী গৰাকী চিকিৎসাজনিত কাৰণত মুম্বাইত আছে।

Comments (0)
Add Comment