শিৱসাগৰত নৱনিযুক্ত উপায়ুক্তৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি

শিৱসাগৰ জিলাৰ নৱনিযুক্ত উপায়ুক্ত মেঘ নিধি দাহালে জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে বানপানীৰ বাবে ক্ষতিগ্ৰস্ত হোৱা বাট-পথ তথা অঞ্চল সমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লোৱা অব্যাহত ৰাখিছে।
উপায়ুক্ত গৰাকীয়ে তেওঁৰ পৰিদৰ্শন কালত আজি দিখৌমুখ ভৰলুৱা গাওঁৰ ৰামখাপীঠ দেৱালয় সংযোগী পথটো সম্প্ৰতি বানপানীত বুৰ যোৱা প্ৰত্যক্ষ কৰে। তেওঁ বানত ক্ষতিগ্ৰস্ত এই পথটিৰ মেৰামতিৰ বাবে লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া প্ৰকাশ পেগুক ক্ষীপ্ৰতাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰে আৰু তেওঁলোকৰ অভাৱ-অভিযোগ সমূহৰ আশু সমাধানকল্পে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস প্ৰদান কৰে।
উল্লেখযোগ্য যে, উপায়ুক্ত গৰাকীয়ে জকাইচুক মৌজাৰ দুলিয়া গাওঁৰ মিতং নৈৰ সমীপৰৱৰ্তী কাৱৈমাৰী তিনিআলিৰ কাষৰ কালভাৰ্টটোৱেদি পানী বৰ্তমানলৈকে বন্ধ নোহোৱাৰ খবৰ লাভ কৰি আজি সেই স্থানত উপস্থিত হৈ কালভাৰ্টটোৰ অৱস্থা প্ৰত্যক্ষ কৰে। তেওঁ এই সন্দৰ্ভত লোকনিৰ্মাণ (পথ) বিভাগৰ নাজিৰা-আমগুৰি সংমণ্ডলৰ কাৰ্যবাহী বিষয়া গৰাকীক শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।
বাতৰি যুগুতালে শিৱসাগৰ পৰা দিলিস্তান খানে

Comments (0)
Add Comment